নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমগুৰিত সহস্ৰাধিক কংগ্ৰেছ নেতা-কৰ্মীৰ বিজেপিত যোগদান

🔹 নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবলৈ দেশবাসীয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে : মন্ত্ৰী পীয়ূষ হাজৰিকা

বিশেষ বাৰ্তা, ২৩ মাৰ্চ : দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। আৰু এই নিৰ্বাচনটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ।- এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। আজি শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ চাৰিঙত ভাৰতীয় জনতা পাৰ্টীত যোগদান উপলক্ষে আয়োজিত সভাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবলৈ দেশবাসীয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে। তেওঁ কয় যে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে বিভিন্ন সমীক্ষা বা অপিনিয়ন পল হয় আৰু প্ৰায়বোৰ অপিনিয়ন পলতে কৈ আছে যে বিজেপিয়ে অকলে ৩৯০-৩৯৫টা ছিটত জিকিব আৰু এন ডি এ অৰ্থাৎ আমাৰ মিত্ৰশক্তিয়ে প্ৰায় ৪১৫টা সমষ্টিত জয়লাভ কৰিব। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে সাধাৰণতে এটা দল যেতিয়া চৰকাৰত থাকে, সেই দলটোৰ পাছৰ বছৰত জিকাৰ ছিটৰ সংখ্যা কমে। কিন্তু নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত এই কথাটো ওলোটা হৈ গ’ল। ২০১৪ চনত প্ৰথমবাৰৰ কাৰণে যেতিয়া নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হয়, তেতিয়া ২৭২টা সমষ্টিত জয়লাভ কৰিছিল। ২০১৯ চনত মোদী ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ’ল আৰু বিজেপিয়ে অকলে ৩০৩টা সমষ্টিত জয়লাভ কৰে। আৰু এইবাৰ কোৱা হৈছে বিজেপিয়ে ৩৯০-৩৯৫টা ছিটত জয়লাভ কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে আগতে আছিল প্ৰতিষ্ঠানবিৰোধী ঢৌ আৰু এতিয়া হ’ল Pro-incumbency। কিয় প্ৰতিষ্ঠানবিৰোধী ঢৌ বলিছিল, তাৰ ব্যাখ্যা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰবোৰে ৰাইজৰ বাবে ভাল কাম নকৰাৰ বাবে প্ৰতিষ্ঠানবিৰোধী ঢৌ বলিছিল। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই পৰিৱেশটোকে সলনি কৰি দিলে। তেওঁৰ দিনত প্ৰতিষ্ঠানবিৰোধী ঢৌ নহয়, প্ৰতিষ্ঠানৰ সপক্ষে মানুহে ভোট দিয়া আৰম্ভ কৰে বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য কৰে। মন্ত্ৰী হাজৰিকাই কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে ২০১৪ চনলৈকে আমাৰ দেশত মেডিকেল কলেজ আছিল ৩৮৭খন আৰু আজি ১০বছৰত ইয়াৰ সংখ্যা হ’ল ৬৯৩খন। নৰেন্দ্ৰ মোদীয়ে ১০ বছৰত মেডিকেল কলেজ বনালে ৩০৬খন। অসমত আমি মেডিকেল কলেজ বনালোঁ ১৮খন।

কিন্তু কংগ্ৰেছে ৬০ বছৰত মেডিকেল কলেজ বনালে মাত্ৰ ৩৮৭খন। ভাষণত তেওঁ আৰু কয় যে কংগ্ৰেছে ৬০ বছৰে চৰকাৰ চলালে, অসমত তেওঁলোকৰ দিনত বিশ্ববিদ্যালয়ৰ সংখ্যা হ’ল ৭খন। আৰু আমি ৮ বছৰত বিশ্ববিদ্যালয় বনালো ১৫খন। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ উন্নয়নত চৰকাৰে যথেষ্ট গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। তেওঁ কয় যে স্বাস্থ্য আৰু শিক্ষা নাথাকিলে আমি একো কৰিব নোৱাৰোং। আমাৰ কাৰণে স্বাস্থ্য পৰম সম্পদ। উল্লেখ্য যে আজি শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ চাৰিঙত কংগ্ৰেছ দলৰ সহস্ৰাধিক নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। বিজেপি দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰা সকলো কাৰ্যকৰ্তাকে মন্ত্ৰী পীয়ূষ হাজৰিকাই উষ্ম আদৰণি জনায়। তদুপৰি মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠনৰ হেতু সকলোকে নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে অধিষ্ঠিত কৰাৰ হেতু সংকল্পবদ্ধ হ’বলৈ সকলোকে আহ্বান জনায়। যোগদান কাৰ্যসূচীত বিজেপি দলৰ যোৰহাটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, জিলা সভাপতি ময়ূৰ বৰগোহাঁই, যুৱ আয়োগৰ উপাধ্যক্ষা অংকিতা দত্তসহিতে ৰাজ্যিক, জিলা, মণ্ডল, বুথ আৰু ভিন্ন মৰ্চাৰ বিষয়ববীয়া-কাৰ্যকৰ্তাসকল উপস্থিত থাকে। ইয়াৰ পিছত মন্ত্ৰী হাজৰিকাই তিতাবৰ বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত এখন যুৱ সমাৰোহত উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে যুৱ সতীৰ্থসকলৰ সৈতে এই অনুষ্ঠান সম্বোধন কৰি অতিশয় আপ্লুত হৈ পৰে। যুৱ বন্ধুসকলৰ উদ্যম, আগ্ৰহ আৰু অনন্য সেৱাৰ মনোভাব সদায়েই দলৰ বাবে অতুল্য শক্তি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানতো সকলো সতীৰ্থৰ সৈতে মন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে অধিষ্ঠিত কৰাৰ হেতু সংকল্প গ্ৰহণ কৰে। অনুষ্ঠানত যোৰহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, সাংসদ পল্লৱ লোচন দাস, বিধায়ক দিগন্ত কলিতা, ৰাজ্যিক উপ-সভাপতি ৰাণা গোস্বামী, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, জিলা সভাপতি হেমন্ত কলিতা, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰতাপ কছাৰীসহিতে বিষয়ববীয়া-কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

You might also like