নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেজৰিৱালে ইডিক গ্রেপ্তাৰৰ বাবে আমন্ত্রণহে কৰিছিল : মুখ্যমন্ত্ৰী ড০ শৰ্মা

🔹 ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত দলীয় কর্মকর্তাৰে মুখ্যমন্ত্রীৰ বৈঠক

🔹 ১৩খন আসনত পূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু মিত্ৰজোঁট

🔹 ‘কোনোবাই খিলঞ্জীয়া হ’ব খুজিলে আপত্তি নাই, কিন্তু দুটাতকৈ বেছি সন্তান জন্ম নিদিয়া, বাল্য বিবাহ বন্ধৰ ক্ষেত্ৰতো সিদ্ধান্ত লওক’

বিশেষ বাৰ্তা, ২৩ মার্চ : লোকসভা নির্বাচনত ৰাজ্যৰ ১৩খন আসনতে পূর্ণ প্রতিদ্বন্দ্বিতা হ’ব৷ আজি এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত কার্যকর্তাসকলৰ সৈতে হোৱা এখন সাংগঠনিক সভাৰ অন্তত সাংবাদিকৰ আগত এই কথা উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– ১১খন আসনত বিজেপিৰ পৰাজয়ৰ প্রশ্ণৰে অৱতাৰণা নহয়৷ এই ১১খন আসনত ১–৫ লাখ ভোটৰ ব্যৱধানত আমাৰ প্রার্থী জয়ী হ’ব৷ নগাঁও আৰু কৰিমগঞ্জ সমষ্টিতো আমি পূর্ণ প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হ’ম আৰু জয়ৰ সম্ভাৱনাও আমাৰ অধিক৷ উল্লেখ্য যে নৰেন্দ্র মোদীক তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী পদত অধিষ্ঠিত কৰাৰ লক্ষ্যৰে বিজেপিয়ে প্রতিখন ৰাজ্যতে আসনৰ সংখ্যা বৃদ্ধিৰ বিশেষ লক্ষ্য বান্ধি লৈছে৷ সেই লক্ষ্যৰে অসমতো বিজেপিয়ে আসনৰ সংখ্যা বৃদ্ধিৰ পৰিকল্পনা প্রস্তুত কৰি তুলিছে৷ প্রথম অৱস্থাত শাসকীয় দলটোৱে ১১খন আসনত জয়ৰ সম্ভাৱনা গঢ়ি তুলিছিল যদিও বিৰোধী ঐক্যমঞ্চৰ ভাঙোনৰ পাছতেই বিজেপিয়ে আসনৰ সংখ্যা ১৩খনলৈ বৃদ্ধিৰ ৰণকৌশল প্রস্তুত কৰিছে৷ আজি এই উদ্দেশ্যে ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত মুখ্যমন্ত্রীয়ে ৰাজ্যিক নেতৃত্বৰ সৈতে বিভিন্ন দিশ আলোচনা কৰে৷ এই আলোচনাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ১৩খন আসন দখল কৰাই আমাৰ মূল লক্ষ্য৷ এই ১৩খন আসনত বিজেপি পূর্ণ প্রতিদ্বন্দ্বিতাত আছে৷ আনহাতে, ধুবুৰীত ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলৰ যুঁজৰ পৰা বিজেপি আঁতৰি থাকিব৷ মুখ্যমন্ত্রীয়ে কয়– ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলক পৰাজয় কৰক, আমাৰ শুভেচ্ছা আছে৷ এই আসনখনৰ পৰা আমি আঁতৰি আছোঁ৷ কিন্তু সমষ্টিটোৰ ৪–৫টা বিধানসভা সমষ্টিত মই প্রচাৰ চলাবলৈ যাম৷ গোলকগঞ্জ, বিলাসীপাৰাকে আদি কৰি ৪–৫টা সমষ্টিত আমাৰ যথেষ্ট প্রতিদ্বন্দ্বিতা হ’ব৷ ইফালে, কোকৰাঝাৰ সমষ্টিত ইউপিপিএলৰ প্রার্থীক বিজেপিয়ে পূর্ণ সমর্থনেৰে জয়যুক্ত কৰাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– কোকৰাঝাৰত ইউপিপিএলৰ প্রার্থী জয়ী হোৱাটো নিশ্চিত৷ কাইলৈ মই কোকৰাঝাৰলৈ যাম৷ বিজেপিৰ কার্যকর্তাসকলৰ সৈতে এই সন্দর্ভত আলোচনাত বহিম৷ আনহাতে, বিপিএফৰ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে কোকৰাঝাৰ, দৰং–ওদালগুৰি সমষ্টিত যিহেতু বিপিএফে প্রার্থিত্ব দিছে, গতিকে তেওঁলোকৰ সৈতে এতিয়া আলোচনাৰ প্রয়োজন নাই৷ কিন্তু আন সমষ্টিসমূহত যিহেতু বিপিএফে প্রার্থিত্ব দিয়া নাই, গতিকে এই সমষ্টিসমূহত বিপিএফে আমাক সমর্থন দিয়ক৷ ৰাজ্যত নির্বাচনী প্রচাৰ চলাবলৈ কেন্দ্রীয় নেতৃত্বৰ আগমন সন্দর্ভতো মুখ্যমন্ত্রীয়ে কয় যে নির্বাচনৰ ব্যস্ত কার্যসূচীৰ মাজত ৰাষ্ট্রীয় নেতৃত্বই কিমান সময় দিব পাৰে, তাৰ ওপৰতহে সকলো নির্ভৰ কৰিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা সকলোকে প্রচাৰৰ বাবে আমন্ত্রণ জনাই থোৱা আছে৷ কিন্তু এই সকলোবোৰ নির্ভৰ কৰিব তেওঁলোকৰ সময়সূচীৰ ওপৰত৷ ইফালে, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ গ্রেপ্তাৰৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে ইডিয়ে ৯বাৰকৈ তেওঁলৈ চমন জাৰি কৰিছিল৷ তাৰ পাছতো তেওঁ এবাৰো হাজিৰ নহ’ল৷ মোৰ ধাৰণা- ইডিৰ চমন প্রত্যাখ্যান কৰি কেজৰিৱালে নিজেই গ্রেপ্তাৰৰ বাবে তেওঁলোকক আমন্ত্রণ জনাইছে৷ ইডিৰ চমনত ৰাহুল গান্ধীও হাজিৰ হৈছে৷ কেজৰিৱালে এই গ্রেপ্তাৰৰ জৰিয়তে এক ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে৷ মুখ্যমন্ত্রীয়ে আজি এআইইউডিএফৰ বিধায়ক তথা নগাঁও সমষ্টিৰ প্রার্থী আমিনুল ইছলামে খিলঞ্জীয়া সন্দর্ভত কৰা বক্তব্যৰো প্রতিক্রিয়া প্রকাশ কৰে৷ উল্লেখ্য যে আমিনুল ইছলামে এইবুলি মন্তব্য কৰিছিল যে ঢাকাত জন্ম হোৱা বিষ্ণু ৰাভা যদি খিলঞ্জীয়া, তেন্তে মিঞাসকলো খিলঞ্জীয়া৷ বিধায়কগৰাকীৰ এই বক্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রীয়ে কয় যে কোনোবাই খিলঞ্জীয়া হ’ব খুজিলে আমাৰ আপত্তি নাই৷ কিন্তু তেওঁলোকে দুটাতকৈ বেছি সন্তান জন্ম নিদিয়া, বাল্য বিবাহ বন্ধ কৰা, পৈতৃক সম্পত্তিৰ ভাগ ছোৱালীক দিয়া আদি বিষয়ৰ ক্ষেত্রতো সিদ্ধান্ত ল’ব লাগে৷

You might also like