নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ মানেই মিছা ঘোষণা পত্রৰ গেৰাণ্টী

বোকাখাতৰ মহুৰা পথাৰত ডিঙিত গামোচা–ৰিবি গাচেং লৈ মোদী

নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ  বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ হৈ একেৰাহে দ্বিতীয় দিনা অসমত নির্বাচনী প্রচাৰ চলালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ কালি চাবুৱাত বিশাল জনসভা সম্বোধন কৰাৰ পাছত দেওবাৰে প্রধানমন্ত্রী মোদীয়ে বোকাখাত সমষ্টিৰ অন্তর্গত কমাৰগাঁৱৰ মহুৰা পথাৰত আয়োজিত বিজয় সংকল্প সমাৱেশত অংশগ্রহণ কৰে৷ ডিঙিত গামোচা–ৰিবি গাচেং লৈ সমৱেত লক্ষাধিক জনতাক উদ্দেশ্যি দিয়া ভাষণত প্রধানমন্ত্রী মোদী কংগ্রেছৰ বিৰুদ্ধে তীব্র আক্রমণাত্মক হৈ পৰে৷ কংগ্রেছে দিয়া পাঁচ নির্বাচনী গেৰাণ্টীক তীক্ষ্ণ কটাক্ষ কৰি তেওঁ কয়– কংগ্রেছ মানেই মিছা ঘোষণাপত্র, অস্থিৰতা, বোমা–বন্দুক–বন্ধ, হিংসা–সন্ত্রাসবাদ, ভ্রষ্টাচাৰ, পৰিয়ালতন্ত্র৷ কংগ্রেছে পাঁচটা গেৰাণ্ঢীৰে ৰাইজক লুণ্ঠনৰ অভিসন্ধি ৰচনা কৰিছে৷ কংগ্রেছৰ ক্ষমতাহে বন্ধু, আন কোনো নহয়৷ কেৰালাত বাঁওপন্থীক গালি পাৰি ক্ষমতাৰ বাবেই পশ্চিমবংগত কংগ্রেছে তেওঁলোকক আঁকোৱালি ল’ব পাৰে৷ কংগ্রেছক অসমবাসীয়ে বহুবাৰ ভৰসা কৰিলে, কিন্তু দলটোৱে অসমৰ জনসাধাৰণক মিথ্যাচাৰৰ বাদে একোৱেই নিদিলে৷ মাটিৰ অধিকাৰৰ পৰা অসমীয়াক বঞ্চিত কৰা হ’ল৷ ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন চৰকাৰে অসমৰ ৰাইজক মাটিৰ পট্টা দি প্রমাণ কৰিলে যে বিজেপি ৰাইজৰ লগত আছে৷ কংগ্রেছৰ লুণ্ঠনৰ ইঞ্জিনক আঁতৰাই ৰাখিবলৈ তেওঁ অসমবাসীক আহ্বান জনায়৷ বিজেপি নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ কার্যকালত অসমৰ সামগ্রিক বিকাশ দুগুণ হৈছে বুলি দাবী কৰি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয় যে কংগ্রেছৰ কার্যকালত এটা ডাঙৰ প্রশ্ণ আছিল– কংগ্রেছৰ দ্বাৰা লালিত–পালিত চোৰাং চিকাৰীৰ হাতৰ পৰা গঁড় কেনেকৈ বচাব পৰা যাব? এয়া আমাৰ সকলোৰে বাবে চিন্তাৰ বিষয় হৈ পৰিছিল৷ কিন্তু বিজেপি চৰকাৰৰ দিনত চোৰাং চিকাৰীসকলক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে৷

কংগ্রেছে যিসকল অবৈধ নাগৰিকক ৰক্ষণাবেক্ষণ দিছিল, সেইসকলৰ কবলৰ পৰাও কাজিৰঙাক মুক্ত কৰা হৈছে৷ স্বর্গদেউ চাউলুং চুকাফাৰ পৰা বীৰ লাচিত বৰফুকন, সতী সাধনী, স্বাধীনতা সংগ্রামী কমলা মিৰি, বেজা বাউৰী আদিৰ নাম স্মৰণ কৰা প্রধানমন্ত্রী মোদীয়ে নিজ ভাষণ আৰম্ভ কৰে অসমীয়াতে৷ তেওঁ কয়– মই ৰাইজৰ আশীর্বাদ ল’বলৈ আহিছোঁ৷ অসমৰ ৰাইজৰ মৰম আৰু আশীর্বাদ পাই মই অভিভূত হৈ পৰিছোঁ৷ ৰাইজৰ উৎসাহ–উদ্দীপনাই প্রমাণ কৰিছে যে অসমত দ্বিতীয়বাৰ বিজেপিৰ চৰকাৰ হ’ব৷ এনডিএৰ চৰকাৰ হ’ব৷ ডবল ইঞ্জিনৰ চৰকাৰ হ’ব৷ তেওঁৰ মতে দুটা ইঞ্জিনৰ এটা হ’ল কেন্দ্রীয় চৰকাৰ আৰু আনটো ৰাজ্য চৰকাৰ৷ অর্থাৎ এই দুটা ইঞ্জিনে অসমৰ বিকাশ আৰু উন্নয়ন অধিক ত্বৰান্বিত কৰি তুলিব বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয় যে ৰাইজে যি আশা কৰিছিল, সেয়া পুৰণ কৰিবলৈ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰে অহোপুৰুষার্থ কৰিলে৷ ক’ৰোনা মহামাৰীৰ সময়ত ৰাইজক চৰকাৰে পার্যমানে সহায় কৰিছিল৷ অসমক লুণ্ঠনৰাজৰ পৰা পৰিত্রাণ দিবলৈ বিজেপিয়ে প্রতিনিয়ত চেষ্টা কৰি আহিছে৷ আজি অসম নতুন প্রগতিৰ পথেৰে আগবাঢ়িছে৷ বিজেপিৰ কার্যকালত ব্রহ্মপুত্রৰ ওপৰত দলং–পথ নির্মাণ, ৰাইজৰ সমস্যা সমাধানৰ বাবে গ্রহণ কৰা আঁচনিসমূহৰ কথাও উল্লেখ কৰাৰ লগতে অসমলৈ শান্তি–সুস্থিৰতা ঘূৰাই অনা বুলিও তেওঁ দাবী কৰে৷ অসমৰ ভাষা–সংস্কৃতি, সাজ–পোছাক সমগ্র ভাৰতবর্ষৰ বাবেই গৌৰৱৰ প্রতীক বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ কার্যকালত নামঘৰ, সত্র আৰু ধর্মীয় অনুষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন হৈছে৷ গোলাঘাট জিলা অসমীয়া সংস্কৃতিৰ প্রাণকেন্দ্রস্বৰূপ৷ আইদেউ সন্দিকৈ, মোহিনী ৰাজকুমাৰীৰ দৰে অভিনেত্রীৰ জন্মস্থান গোলাঘাট৷

গোলাঘাট জিলাৰেই কমলা মিৰি, বেজা বাউৰীকে ধৰি বহু মুক্তিযোদ্ধাই দেশৰ স্বাধীনতা আন্দোলনত অৱদান আগবঢ়াই গৈছে৷ লাচিত বৰফুকনৰ দৰে মহাবীৰক সন্মান জনোৱাৰ বাবেই প্রয়াত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন বিজেপি চৰকাৰৰ কার্যকালত নেচনেল ডিফেঞ্চ একাডেমীয়ে বীৰত্বৰ স্বীকৃতি হিচাপে সোণৰ পদক দিয়াৰ ব্যৱস্থা কৰিছিল৷ অসমৰ পেট্র’লিয়াম খণ্ডৰ প্রচুৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে৷ এই প্রসংগত তেওঁ কয় যে বিজেপি চৰকাৰে এই খণ্ডটোৰ উন্নয়নৰ বাবে ৪০ হাজাৰ কোটি টকাৰ আবণ্টন দিছে৷ নুমলীগড় শোধনাগাৰৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্রহণ কৰা হৈছে৷ কংগ্রেছে আইন প্রণয়ন কৰি বাঁহ কটাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছিল৷ কিন্তু বিজেপি চৰকাৰে এই নিষেধাজ্ঞা বাতিল কৰি বাঁহ উদ্যোগৰ সম্ভাৱনা বৃদ্ধিৰ উদ্যোগ গ্রহণ কৰিছে৷ বাঁহ–বেতকে আদি কৰি অসমৰ প্রাকৃতিক সম্পদভিত্তিক উদ্যোগসমূহৰ বিকাশ সাধনৰ প্রতিশ্রুতি দিয়ে প্রধানমন্ত্রী মোদীয়ে৷ তদুপৰি অনাগত দিনত ব্রহ্মপুত্রৰ তলেৰে গহপুৰৰ পৰা নুমলীগড় সংযোগী নির্মাণ হ’বলগীয়া সুৰংগৰ পৰিকল্পনাৰ বিষয়েও তেওঁ জনাকীর্ণ সভাখনত উল্লেখ কৰে৷

কংগ্রেছৰ প্রতি পুনৰ তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে কংগ্রেছৰ দিনত দুর্নীতি দুগুণ হৈছিল৷ বর্তমান কেন্দ্র আৰু অসমত বিজেপি চৰকাৰ আছে৷ সেয়েহে দুটা ইঞ্জিনৰ দ্বাৰা অধিক বিকাশ হৈছে৷ সকলো কামেই দুগুণ হৈছে৷ বিজেপি চৰকাৰে চাহ শ্রমিকৰ স্বাস্থ্য, যাতায়াত, শিক্ষা আদিৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰি বহুতো আঁচনি গ্রহণ কৰিছে৷ অসমৰ চাহ শ্রমিকৰ বাবে বিজেপি চৰকাৰে যিমান কৰিলে, ইতিপূর্বে আন কোনেও কৰিব পৰা নাছিল৷ বোকাখাতত মাতৃয়ে বিভিন্ন ৰূপত বাস কৰে বুলি উল্লেখ কৰি তেওঁ এই প্রসংগত কাক গোসাঁনী থান, বাবা থান আৰু বুঢ়ী গোসাঁনী থানৰ নাম লয়৷ ভাষণৰ শেষত প্রধানমন্ত্রী মোদীয়ে অসমীয়াতে অসমবাসীক ৰঙালী বিহুৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰে৷ গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্রদীপ বৰাই আঁত ধৰা আজিৰ বিজয় সংকল্প সমাৱেশত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাস, অগপৰ সভাপতি তথা বোকাখাতৰ প্রার্থী অতুল বৰা, কার্যকৰী সভাপতি তথা কলিয়াবৰৰ প্রার্থী কেশৱ মহন্ত, সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্য, খুমটাইৰ বিজেপি প্রার্থী মৃণাল শইকীয়া, সৰুপথাৰৰ বিজেপি প্রার্থী বিশ্বজিৎ ফুকন, দেৰগাঁৱৰ অগপ প্রার্থী ভৱেন ভৰালী, প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁয়েও ভাষণ দিয়ে৷
‘কংগ্রেছে আজমলৰ সৈতে পতা বিবাহক সমাজে স্বীকাৰ নকৰে’
আজি মহুৰামুখৰ বিশাল নির্বাচনী সভাত অগপ সভাপতি তথা বোকাখাত সমষ্টিৰ অগপ–বিজেপিৰ মিত্রজোঁটৰ প্রার্থী অতুল বৰাই বক্তব্য প্রদান কৰি কংগ্রেছক একপ্রকাৰ তুলাধুনা দিয়ে৷ তেওঁ কয় যে কংগ্রেছে বদৰুদ্দিন আজমলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে৷ কিন্তু সমাজে এই বিবাহক স্বীকৃতি প্রদান নকৰে৷ কংগ্রেছৰ শাসনকালত গঁডৰ মুক্তহত্যা মিত্রজেজাটৰ চৰকাৰে সম্পূর্ণৰূপে ৰোধ কৰিবলৈ সক্ষম হ’ল৷ কংগ্রেছ আৰু বদৰুদ্দিনৰ সপোন কেতিয়াও বাস্তৱত পৰিণত নহয়৷ যদি কংগ্রেছৰ সাহস আছে, তেন্তে বোকাখাতত বদৰুদ্দিন আজমলক লগত লৈ নির্বাচনী প্রচাৰ কৰিবলৈ আহক বুলি প্রত্যাহ্বান জনাই অতুল বৰাই কয় যে বোকাখাতত বর্তমানৰ ডন্নয়নৰ গতিধাৰা ঊর্ধ্বমুখী হৈছে৷ পথ, দলং আদি নির্মাণেৰে বোকাখাত সমষ্টিটো নতুন ৰূপত সজাই তোলা হৈছে৷ এনে কাম পূর্বৰ চৰকাৰে কেতিয়াও কৰা নাছিল আৰু কৰাৰ কথা ভবাও নাছিল বুলি তেওঁ ডল্লেখ কৰে৷ তদুপৰি অসমলৈ বিদেশী অহাৰ ৰাস্তা কংগ্রেছেই খুলি দিছিল বুলি উল্লেখ কৰি তেওঁ কয়– কংগ্রেছে আমাক গালি পৰাৰ অধিকাৰ নাই৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বলিষ্ঠ নেতৃত্বত বিশ্বৰ ভিতৰতে ভাৰতৰ উল্লেখনীয় বিকাশ হৈছে৷

You might also like