নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যমুনামুখত আজমলঃ মহাজোঁটৰ চৰকাৰ হ’লে খুলিব মাদ্রাছা

নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’ব৷ মহাজোঁটৰ চৰকাৰ হোৱাৰ পাছতেই বন্ধ কৰা মাদ্রাছাসমূহ খোলা হ’ব৷ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত গৈ মাদ্রাছাসমূহ খোলা হ’ব৷ –এই মন্তব্য এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ৷ দেওবাৰে যমুনামুখত হেলিকপ্টাৰ যোগে আহি নির্বাচনী প্রচাৰ অভিযান চলাই এ আই ইউ ডি এফৰ মুৰব্বী আজমলে কয় যে এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’ব, সেয়া ইতিমধ্যে নিশ্চিত হৈছে৷ সেয়ে বিজেপিৰ লগতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ শংকিত হৈ পৰিছে৷ তাৰ বাবেই তেওঁলোকে নির্বাচনী ৰণত কেৱল বদৰুদ্দিন আজমল বদৰুদ্দিন আজমল বুলি কৈ নিজৰ হতাশা প্রদর্শন কৰিছে৷ মহাজোঁটৰ চৰকাৰ হ’লে অসমৰ জাগীৰোড আৰু কাছাৰ কল দুটা পুনৰ মুকলি কৰাৰ লগতে অসমত থকা টোলগেটসমূহ প্রত্যাহাৰ, সকলো ধর্মৰ মহিলাক মাহে দুহাজাৰ টকাকৈ একাউণ্টযোগে দিয়াৰ ব্যৱস্থা, কৃষকসকলক সুদ অবিহনে কৃষি ঋণ প্রদান, চৰকাৰী খণ্ডত বছৰি এক লাখ নিবনুৱাক আৰু বেচৰকাৰী খণ্ডত আঢ়ৈ লাখ নিবনুৱাক সংস্থাপন, ভূমিহীন লোকক মাটিৰ পট্টা প্রদানৰ প্রতিশ্রুতি দিয়ে৷

ডিব্রুগড়ৰ বিধায়ক প্রশান্ত ফুকনে নির্বাচনী সভাত আজমল জিকিলে নামঘৰত মুছলমানে নামাজ পঢ়িব বুলি কৰা মন্তব্যত প্রতিক্রিয়া প্রকাশ কৰি কয় যে তেওঁলোকে নামঘৰ, মন্দিৰ আদিৰ কথা কৈ ফুৰিছে৷ আমি চিকিৎসা মহাবিদ্যালয়, স্কুল–কলেজ খোলাৰ কথা কৈছোঁ৷ তেওঁ লগতে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অসমৰ ভিতৰতে আটাইতকৈ সাম্প্রদায়িক ব্যক্তি বুলিও মন্তব্য কৰে৷ উল্লেখ্য যে যমুনামুখ সমষ্টিৰ অন্তর্গত মোৰাঝাৰ খেলপথাৰত আয়োজিত এ আই ইউ ডি এফৰ নির্বাচনী সভাখনত মহাজোঁটৰ অংশীদাৰ দলসমূহৰ সমষ্টিভিত্তিক নেতাসকল উপস্থিত থাকে৷ সভাখনত এ আই ইউ ডি এফৰ কার্যকৰী সভাপতি তথা প্রাক্তন বিধায়ক ডাঃ আদিত্য লাংথাছা, যমুনামুখ সমষ্টিৰ দলীয় প্রার্থী তথা বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমলো উপস্থিত থাকে৷ সভাত উপস্থিত কংগ্রেছৰ নেতাসকলে মোৰাঝাৰ অঞ্চলৰ বিভিন্ন সমস্যাৰাজিৰ কথা উল্লেখ কৰি মহাজোঁটৰ চৰকাৰ আহিলে সেই সমস্যাসমূহ সমাধানৰ বাবে আজমলৰ ওচৰত দাবী জনায়৷

You might also like