নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় পৰিসংখ্যা–প্রকল্প ৰূপায়ণ মন্ত্রালয়ৰ প্রতিবেদনঃ অসমীয়াৰ মূৰত দৈনিক বৃদ্ধি পাইছে ঋণৰ বোজা

  • ইণ্ডিয়া ডেট এণ্ড ইনভেষ্টমেণ্ট ছার্ভেৰ মতে ৬ বছৰত অসমৰ গ্রামাঞ্চলত বৃদ্ধি তিনি গুণতকৈ অধিক ঋণ
  • চহৰাঞ্চলত বৃদ্ধি দুগুণতকৈ অধিক ঋণৰ বোজা
  • এছবিআইৰ গৱেষণাত ক’ভিডোত্তৰ কালত সর্বসাধাৰণ জনতা অধিক ঋণগ্রস্ত হোৱাৰ আশংকা

 

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ক্রমাৎ ঋণত পোত গৈছে অসমৰ সর্বসাধাৰণ ৰাইজ৷ ইয়াতোকৈ উদ্বেগৰ বিষয়টো হৈছে দিনকদিনে ঋণৰ বোজা বৃদ্ধি পোৱাটো৷ কেন্দ্রীয় পৰিসংখ্যা আৰু প্রকল্প ৰূপায়ণ মন্ত্রালয়ে অলপতে প্রকাশ কৰা ‘ইণ্ডিয়া ডেট এণ্ড ইনভেষ্টমেণ্ট ছার্ভে’ শীর্ষক প্রতিবেদন অনুসৰি সামগ্রিকভাৱে অসমৰ গ্রামাঞ্চলত এটা পৰিয়ালৰ ঋণ হৈছে ১৬,০০০ টকা৷

প্রতিবেদনখনত ২০১২ চনৰ সৈতে ২০১৮ চনৰ পৰিসংখ্যাৰ তুলনাত্মক বিশ্লেষণ দাঙি ধৰা হৈছে৷ দেখা গৈছে ৬ বছৰৰ ভিতৰত অর্থাৎ অসমৰ গ্রামাঞ্চলত সাধাৰণ ৰাইজৰ ঋণ ৩ গুণতকৈও বৃদ্ধি পাইছে৷ প্রতিবেদন অনুসৰি ২০১২ চনত অসমৰ গ্রামাঞ্চলৰ পৰিয়াল এটাৰ গঢ় ঋণৰ পৰিমাণ আছিল ৫ হাজাৰ টকা৷ মাত্র ৬ বছৰৰ ভিতৰত এই ঋণৰ পৰিমাণ ১৬ হাজাৰ টকালৈ বৃদ্ধি পোৱাটো বৰকৈ উদ্বেগজনক বিষয় হৈ পৰিছে৷

অনুৰূপভাৱে চহৰাঞ্চলতো ঋণৰ বোজা বৃদ্ধি পাইছে ৰাইজৰ৷ ‘ইণ্ডিয়া ডেট এণ্ড ইনভেষ্টমেণ্ট ছার্ভে’ৰ প্রতিবেদন অনুসৰি ২০১২ চনত ৰাজ্যৰ চহৰাঞ্চলৰ পৰিয়াল এটাৰ গড় ঋণৰ পৰিমাণ আছিল ৩৭,০০০ টকা৷ ৬ বছৰ পাছত ২০১৮ চনত লব্ধ সর্বশেষ তথ্য অনুসৰি চহৰাঞ্চলৰ প্রতি পৰিয়ালৰ ঋণৰ পৰিমাণ বৃদ্ধি পালে ৭৭,০০০ টকালৈ৷ অর্থাৎ মাত্র ৬ বছৰত ঋণৰ পৰিমাণ বৃদ্ধি পালে দুগুণতকৈও অধিক৷

‘ইণ্ডিয়া ডেট এণ্ড ইনভেষ্টমেণ্ট ছার্ভে’ই প্রকাশ কৰা প্রতিবেদনৰ ভিত্তিত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গৱেষণামূলক গোটে ‘ইকৰেপ’ শীর্ষক আন এক প্রতিবেদন চলিত সপ্তাহত প্রকাশ কৰিছে৷ কোৱা হৈছে অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ ১৯.৫ শতাংশই হৈছে চৰকাৰী ঋণ৷ সেই অনুসৰি ২০২০–২১ বিত্তীয় বর্ষৰ হিচাপত ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ হৈছে ৭৯,৭৫৫ কোটি টকা৷ কোনো সন্দেহ নাই ক’ভিড–১৯ৰ জটিলতাই চৰকাৰতকৈ সর্বসাধাৰণ ৰাইজক আৰু অধিক ঋণগ্রস্ত কৰি তুলিব৷

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গৱেষণামূলক গোটটোৱে এই ইংগিতেই প্রদান কৰিছে৷ সামগ্রিকভাৱে ভাৰতৰ সাধাৰণ ৰাইজৰ ঋণৰ পৰিমাণ ২০১৯–২০ চনৰ ৩২.৫ শতাংশৰ পৰা ২০২০–২১ চনত ৩৭.৩ শতাংশ বৃদ্ধি পোৱা বুলি এছ বি আয়ে অনুমান ব্যক্ত কৰিছে৷ এইক্ষেত্রত এক চৰকাৰী পৰিসংখ্যাও দাঙি ধৰা হৈছে৷ কোৱা হৈছে ২০২০–২১ বিত্তীয় বর্ষত ভাৰতৰ পৰিয়ালকেন্দ্রিক ঋণৰ পৰিমাণ আছিল ৭৩.৫৯ লাখ কোটি টকা৷

চলিত ২০২১–২২ বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিক পৰিসংখ্যাত Q1–এপ্রিলৰ পৰা জুন) দেখা গ’ল ভাৰতৰ পৰিয়ালকেন্দ্রিক ঋণৰ পৰিমাণ বৃদ্ধি পালে ৭৫ লাখ কোটি টকালৈ৷ অর্থাৎ মাত্র তিনি মাহৰ ভিতৰত ১.৪১ লাখ কোটি ঋণৰ বোজা বৃদ্ধি পালে দেশৰ জনতাৰ৷

আনহাতে ‘ইণ্ডিয়া ডেট এণ্ড ইনভেষ্টমেণ্ট ছার্ভে’ৰ প্রতিবেদন অনুসৰি ২০১২ চনত সামগ্রিকভাৱে ভাৰতৰ গ্রামাঞ্চল আৰু চহৰাঞ্চলৰ পৰিয়াল এটাৰ গড় ঋণৰ পৰিমাণ আছিল ক্রমে ৫৯,৭৪৮ আৰু ১.২০ লাখ টকা৷ ক’ভিড–১৯ অতিমাৰীৰ পাছত এছ বি আইৰ গৱেষণালব্ধ অনুমান– ২০২১ চনত দেশৰ গ্রামাঞ্চল আৰু চহৰাঞ্চলৰ পৰিয়াল এটাৰ গড় ঋণৰ পৰিমাণ হ’বগৈ ক্রমে ১.১৬ লাখ আৰু ২.৩৩ লাখ টকা৷

আনহাতে ‘ইণ্ডিয়া ডেট এণ্ড ইনভেষ্টমেণ্ট ছার্ভে’ত প্রকৃত ঋণগ্রস্ত পৰিয়ালৰো সুকীয়া এটা পৰিসংখ্যা দাঙি ধৰা হৈছে৷ কোৱা হৈছে ২০১৮ চনৰ হিচাপত অসমৰ ঋণগ্রস্ত পৰিয়ালৰ গড় ঋণৰ পৰিমাণ হৈছে ৮৫,০০০ টকা৷ উদ্বেগৰ বিষয়টো হৈছে অসমৰ ৰাইজে লোৱা মুঠ ঋণৰ ১২ শতাংশই হৈছে অপ্রতিষ্ঠানিক ঋণ৷ অর্থাৎ বেংক প্রদত্ত সুদৰ কেইবাগুণ বেছি সুদ প্রদানেৰে ব্যক্তিগত খণ্ডৰ পৰাই ৰাইজে এক ব্যাপক পৰিমাণৰ ঋণ লৈছে৷ যাৰ সুদূৰপ্রসাৰী বিৰূপ প্রভাৱ পৰিব পাৰে বুলি এছ বি আইৰ গৱেষণাকাৰী গোটটোৱে আশংকা ব্যক্ত কৰিছে৷

উল্লেখ্য যে কমেও দুই–তিনি বছৰৰ হিচাপ–নিকাচৰ পাছত প্রতি ৫ বছৰৰ মূৰত কেন্দ্রীয় পৰিসংখ্যা আৰু প্রকল্প ৰূপায়ণ মন্ত্রালয়ে ‘ইণ্ডিয়া ডেট এণ্ড ইনভেষ্টমেণ্ট ছার্ভে’ৰ প্রতিবেদন প্রকাশ কৰে৷ ক’ভিড পৰিস্থিতৰ বাবে মন্ত্রালয়ে কিছু পলমকৈ ২০১৮ চনৰ ‘ইণ্ডিয়া ডেট এণ্ড ইনভেষ্টমেণ্ট ছার্ভে’ প্রকাশ কৰিছে৷

You might also like