নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদক ভেটা ৰখীয়াঃ লাহৰীঘাটত চোৰাং গৰু বিক্ৰীত জড়িত কনিষ্টবল

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : গো-ধন সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ স্থিতিত আৰক্ষীয়েই প্ৰতিবন্ধক হৈছে উঠিছে । ধেমাজীৰ পৰা সৰবৰাহ হোবা চোৰাং গৰু বিক্ৰী কৰি শেহতীয়াভাবে সেই কথাকে প্ৰমাণ কৰিলে মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ আৰক্ষীয়ে । ঘটনা ১৪ এপ্ৰিলৰ । সেইদিনা এখন পঞ্জাব বডী ট্ৰাকৰে ধেমাজীৰ পৰা লাহৰীঘাটলৈ সৰবৰাহ কৰা হৈছিল ২৯ টাকৈ চোৰাং গৰু । এম এন ০৩ – ২১৪৮ নম্বৰৰ ট্ৰাক খনে পৰা লাহৰীঘাট থানাৰ অন্তৰ্গত বৰকুৰ চাপৰিত নমাািছিল গো-ধন কেইটা । এই খবৰ পাই আৰক্ষী বৰকুৰ চাৰিত উপস্হিত হয় দিনৰ ভাগত ২১ টা আৰু সন্ধিয়ালৈ ৪ টা মুঠ ২৫ টা গো-ধন উদ্ধাৰ কৰি থানালৈ আনে । কিন্তু ৰসহ্যজনকভাবে অৰ্ন্তধান হয় আন ৪ টা গো-ধন । অৱশেষত সাংবাদিকে পোহৰলৈ আনে ৪ টাজৈ গো-ধনৰ অৰ্ন্তধ্যান ঘটনাৰ । লাহৰীঘাটৰ একাংশ স্হানীয় সাংবাদিকৰ অনুসন্ধানত আৰক্ষীয়ে গোপনে স্হানীয় লোকক অৰ্ন্তধ্যান হোবা চোৰাং গৰু বিক্ৰী কৰা ভয়ংকৰ তথ্য উদ্ঘাটন হয় । এই ঘটনাত লাহৰীঘাট থানাৰ এজন কনিষ্টবল জড়িত আছে । ইউ বি কনিষ্টবল সুভাষ বৰদলৈৰ নাম সাঙোৰ খাই পৰিছে বিতৰ্কিত বিষয়টোৰ সৈতে । একাংশ মধ্যভোগী দালাল সৈতে মিলি ২০ হাজাৰ টকাকৈ লৈ বিক্ৰী কৰে গৰু কেইটা । ইতিমধ্যে আৰক্ষীৰ দ্বাৰা সংঘটিত এই চোৰাং গৰু বিক্ৰী কাণ্ডৰ তদন্ত আৰম্ভ হৈছে । প্ৰফেচনেল আই পি এছ এম ৰাজপুতে ঘটনাৰ তদন্ত কৰি আছে । এতিয়া প্ৰশ্ন উঠিছে আৰক্ষী বিষয়া গৰাকীয়ে তদন্তৰ নামত তদন্ত কৰি নিজ বিভাগৰ আাৰক্ষী জোবান জনক ৰক্ষণাবেক্ষণ দিব নেকি ? সময়ত স্পষ্ট হ’ব সকলো।

প্ৰেৰক আবুল কালাম

You might also like