নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যালয়ৰ মাচুল বিতর্কঃ কোনো চৰকাৰী মাতৃভাষাৰ বিদ্যালয়ত লোৱা নহয় মাচুলঃ  শিক্ষামন্ত্রী ৰণোজ পেগু

বিশেষ বাৰ্তা, ১৭ আগষ্টঃ ৰাজ্যৰ আদর্শ বিদ্যালয়ৰ ছাত্র–ছাত্রীৰ পৰা মাচুল আদায় কৰিব বুলি শেহতীয়াকৈ শিক্ষা বিভাগে কৰা ঘোষণাক লৈ চলি থকা বিতর্কৰ মাজতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ স্পষ্ট ঘোষণা– কেৱল ইংৰাজী মাধ্যমৰ চিবিএছইৰ অধীনৰ আদর্শ বিদ্যালয়তহে লোৱা হ’ব মাচুল৷ কোনো চৰকাৰী মাতৃভাষা বিদ্যালয়ৰ মাচুল লোৱা নহয়৷ এক অনুষ্ঠানত অংশগ্রহণৰ পাছতেই শিক্ষামন্ত্রীগৰাকীয়ে এই কথা ঘোষণা কৰি কয় যে চিবিএছইৰ অধীনত ২৫খন আদর্শ বিদ্যালয় চলি থকাৰ পাছত পুনৰ ১৩খন এনে বিদ্যালয় স্থাপন কৰা হৈছে৷ মুখ্যতঃ ইংৰাজী মাধ্যমৰ এই বিদ্যালয়সমূহৰ ছাত্র–ছাত্রীৰ পৰাহে ৩০০ টকাকৈ মাচুল আদায় কৰা হৈছে৷ উল্লেখ্য যে অসমীয়া মাধ্যমৰ বিদ্যালয়ক সংকটলৈ ঠেলি দি ৰাজ্য চৰকাৰে শেহতীয়াকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ বাবে দেখুওৱা তৎপৰতাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ এনে সময়তে আদর্শ বিদ্যালয়ৰ ছাত্র–ছাত্রীয়ে ৩০০ টকাকৈ মাচুল আদায় দিব লাগিব বুলি শেহতীয়াকৈ শিক্ষা বিভাগে প্রদান কৰা নির্দেশে বিষয়টোক অধিক জটিলতালৈ ঠেলি দিছে৷ আজি শিক্ষামন্ত্রী ডাঃ পেগুৰ মন্তব্য– ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ বাবে চৰকাৰ দায়বদ্ধ৷ ৰাজ্য চৰকাৰৰ সকলো মাধ্যমৰ প্রতি দায়বদ্ধতা আছে৷ বড়ো, গাৰো, বাংলা, হিন্দী মাধ্যম বিদ্যালয় স্থাপন কৰাৰ পাছত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ বাবে উঠা দাবীৰ প্রতি লক্ষ্য ৰাখিয়ে এই আদর্শ বিদ্যালয়সমূহ স্থাপন কৰা হৈছে৷ এনে বিদ্যালয়সমূহত ১০০খন আসনৰ বিপৰীতে এহেজাৰৰো অধিক ছাত্র–ছাত্রীয়ে আবেদন কৰে৷ তদুপৰি মাচুল নির্ধাৰণ অভিভাৱকৰ সন্মতি সাপেক্ষেহে কৰা হৈছে৷ কিন্তু কোনো চৰকাৰী বিদ্যালয়ত মাচুল প্রযোজ্য কৰা হোৱা নাই৷ উল্লেখ্য যে আজি দিছপুৰৰ পিডব্লিউডি কনভেনচন এণ্ড প্লেনিং চেণ্টাৰত অনুষ্ঠিত হৈছিল এক বিশেষ অনুষ্ঠান৷ দেশৰ আগশাৰীৰ দুচকীয়া বাহন নির্মাতা প্রতিষ্ঠান হিৰো মটো কর্প’ৰ উইকেয়াৰ চিএছআৰ আঁচনিৰ অধীনত এই অনুষ্ঠানতে ৰাজ্যৰ ১২৫খন মহাবিদ্যালয়ক দুচকীয়া বাহন প্রদান কৰা হয়৷ এই অনুষ্ঠানতে মুখ্য অতিথি ৰূপে উপস্থিত থাকি শিক্ষামন্ত্রীগৰাকীয়ে আদর্শ বিদ্যালয়ক লৈ কৰা ঘোষণাৰ লগতে বিদ্যাঞ্জলি ২.০ কার্যসূচী সন্দর্ভতো শিক্ষা বিভাগৰ স্থিতি স্পষ্ট কৰে৷ মন কৰিবলগীয়া যে সর্বশিক্ষা বিভাগৰ মিছন সঞ্চালক ড০ ওম প্রকাশে এক নির্দেশযোগে প্রাক্তন ছাত্র–ছাত্রী, ৰাইজক জড়িত কৰি বিদ্যালয়ৰ বাবে প্রয়োজনীয় চিলিং ফেনকে ধৰি অন্যান্য সা–সামগ্রী ক্রয় কৰি বিদ্যালয়ৰ বাবে প্রয়োজনীয় সা–সামগ্রী ক্রয় কৰাৰ নির্দেশ জাৰি কৰিছে৷ সর্বশিক্ষা বিভাগৰ এনে নির্দেশক লৈয়ে সৃষ্টি হৈছে আন এক বিতর্ক৷ বিত্তীয় সংকটত পৰা বাবেই শিক্ষা বিভাগ তথা ৰাজ্য চৰকাৰে বিদ্যালয় চলাবলৈ ধন নাইকিয়া হৈছে নেকি বুলিও প্রশ্ণ উঠিছে৷ আজি এই প্রসংগত শিক্ষামন্ত্রীগৰাকীয়ে কয় যে বিদ্যালয়, মহাবিদ্যালয় কোনো চৰকাৰী অনুষ্ঠান নহয়৷ ইয়াত কমিউনিটীৰো সমানে সহযোগিতা থকাটো প্রয়োজন৷ বিদ্যালয়ৰ নিৰাপত্তা দিশটোত সমাজক জড়িত কৰাৰ ব্যৱস্থা কৰা হৈছে৷ এখন বিদ্যালয়ত সামগ্রী যোগান ধৰাৰ বাবে দিয়া আহ্বান স্বেচ্ছামূলক অর্থাৎ ইচ্ছাকৃতভাৱে কৰিবলৈ কোৱা হৈছে৷ শিক্ষা বিভাগৰ এই আবেদনৰ প্রতি সঁহাৰি জনাই ইতিমধ্যে তিনি দিনত দুই হাজাৰখন চিলিং ফেন প্রদান কৰিছে প্রাক্তন ছাত্রই৷ গতিকে বিদ্যালয়ৰ সা–সম্পত্তিৰ দায়িত্ব ল’ব লাগে সমাজে৷ উল্লেখ্য যে হিৰো মটো কর্প’ৰ চিএছআৰ আঁচনিৰ অধীনত দুচকীয়া বাহন প্রদান কৰা অনুষ্ঠানত শিক্ষামন্ত্রীগৰাকীয়ে ভাষণ প্রসংগত কয় যে প্রতিখন মহাবিদ্যালয়ে ছাত্র–ছাত্রীসকলক এণ্টাৰপ্রেনিয়াৰশ্বিপ সম্পর্কীয় বিভিন্ন ধৰণৰ প্রশিক্ষণ বা এইক্ষেত্রত তেওঁলোকক উৎসাহিত কৰাৰ বাবে অতি সোনকালে শিক্ষা বিভাগে এখন এপেক্স ব’ডী গঠন কৰিব৷ ইয়াৰ পূর্বে শিক্ষামন্ত্রীগৰাকীয়ে ধেমাজিৰ বিস্ফোৰণত প্রাণ হেৰুওৱা লোকসকলৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মন্ত্রীগৰাকীয়ে স্বাধীনতা দিৱস উপলক্ষে দেশৰ প্রধানমন্ত্রীয়ে উল্লেখ কৰা শ্রেষ্ঠ ভাৰতৰ প্রসংগ উনুকিয়াই কয় যে অহা ২৫ বছৰৰ ভিতৰত দেশে যেতিয়া ১০০ বছৰ সম্পূর্ণ কৰিব, সেই সময়ৰ প্রতি লক্ষ্য ৰাখি আমি প্রতিগৰাকী নাগৰিককে এইক্ষেত্রত আগুৱাই নিব লাগিব৷

You might also like