নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাংগং হ্ৰদত ভাৰতৰ যুদ্ধ জাহাজঃ চীনক প্রত্যাহ্বান জনাই লাডাখ সীমান্তত সেনাৰ শক্তি বৃদ্ধি

বিশেষ বাৰ্তা, ১৭ আগষ্টঃ চীনক প্রত্যাহ্বান জনাবলৈ সাজু ভাৰত৷ চুবুৰীয়া ৰাষ্ট্রখনে এল এ চিৰ সমীপত সামৰিক শক্তি আৰু সামৰিক আন্তঃগাঁথনি নির্মাণ কৰি ভাৰতৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ অনেক ভয়াৱহ তথ্য পোহৰলৈ অহাৰ পাছতেই চীনক প্রত্যাহ্বান জনাবলৈ ভাৰতেও সামৰিক শক্তি বৃদ্ধিত গুৰুত্ব দিছে৷ চীনৰ লেখীয়াকৈ ভাৰতে এল এ চিৰ সমীপত আন্তঃগাঁথনি উন্নত কৰাত গুৰুত্ব দিয়াৰ সমান্তৰালকৈ সামৰিক শক্তিও বৃদ্ধি কৰি আহিছে৷ ব্যাপক চর্চিত হৈ থকা লাডাখৰ এল এ চিত ভাৰতীয় সেনাৰ শক্তি বৃদ্ধি কৰাৰ লগতে যুদ্ধাস্ত্রৰ পৰিমাণো বৃদ্ধি কৰা হৈছে৷ লাডাখনৰ পাংগং হ্রদত সেনাৰ শক্তি বৃদ্ধি কৰি যিকোনো মুহূর্ততে চুবুৰীয়া দেশৰ সেনাক প্রতিহত কৰাৰ লক্ষ্যৰে নতুন আক্রমণকাৰী জাহাজ মোতায়েন কৰা হৈছে৷ পাংগং হ্রদত মোতায়েন কৰা নতুন আক্রমণকাৰী জাহাজৰ দ্বাৰা এল এ চিত সামৰিক বাহিনীৰ অভিযান অধিক ক্ষিপ্রতৰ কৰিব পৰা যাব৷ সেনাৰ অভিযানৰ ক্ষমতা বৃদ্ধি পাব৷ এল এ চিত অপাৰেচন চলাবলৈ লেণ্ডিং ক্রাফট এছাল্ট (এলচিএ) অতি গুৰুত্বপূর্ণ ভূমিকা ল’ব৷ এই এলচিএ হৈছে অধিক ক্ষমতাশালী আৰু অপাৰেচনৰ সীমা অতিক্রম কৰিব পাৰে৷ বহুমুখী এই আক্রমণকাৰী জাহাজখনৰ জৰিয়তে সেনাৰ গতিবিধি তথা অভিযান ক্ষিপ্রতৰ কৰিব পাৰে৷ আনপিনে, সীমাবদ্ধ চাল–চলন আৰু প্রায় অসুৰক্ষিত হিচাপে থকা স্থলসেনা কিম্বা পদাতিক বাহিনী সুৰক্ষিত আৰু শক্তিশালী কৰিবলৈ দুই ধৰণৰ উচ্চ গতিশীল যুদ্ধ বাহন অঞ্চলটোত মোতায়েন কৰা হৈছে৷ ই হৈছে পদাতিক বাহিনী সুৰক্ষিত গতিশীল যুদ্ধ বাহন৷ এই বাহনখনৰ জৰিয়তে স্থলসেনাক আক্রমণকাৰীৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰি৷ টাটা এডভান্সড ছিষ্টেমছ লিমিটেডৰ দ্বাৰা এই বাহনখন নির্মাণ কৰা হৈছে৷ এই বাহনখনৰ জৰিয়তে সেনাই দক্ষতাৰে পহৰা দিয়াৰ লগতে ইটো অঞ্চলৰ পৰা সিটো অঞ্চললৈ সুৰক্ষিতভাৱে শীঘ্রে অহা–যোৱা কৰিব পাৰে৷ অর্থাৎ প্রয়োজন সাপেক্ষে ইটো অঞ্চলৰ পৰা নি সিটো অঞ্চলত স্থলসেনাক মোতায়েন কৰিব পাৰে৷ ইয়াৰ উপৰি তাৎক্ষণিকভাৱে প্রতিক্রিয়া প্রকাশ কৰিবলৈ যুদ্ধ বাহন অঞ্চলটোত মোতায়েন কৰি ৰখা হৈছে৷ লাডাখৰ পূব প্রান্তত স্থলসেনাৰ গতিবিধি ক্ষিপ্রতৰ কৰাৰ বাবেই এই যুদ্ধ বাহন মোতায়েন কৰা হৈছে৷ এই বাহনখনৰ জৰিয়তে যুদ্ধাস্ত্রৰ প্রয়োগ বৃদ্ধি কৰাৰ লগতে সেনাৰ সুৰক্ষাতো গুৰুত্ব দিয়া হৈছে৷ আনপিনে, বায়ুসেনা বাহিনীৰ বিমান আৰু হেৰন ইউ এ ভিৰ উপৰি মিনি ৰিম’টলি পাইলটেড এৰিয়েল ছিষ্টেম (আৰপিএএছ) মোতায়েন কৰা হৈছে অঞ্চলটোত৷ স্থলসেনাৰ লগতে মেকানিকেল ইউনিটে শত্রুপক্ষৰ গতিবিধি নিৰীক্ষণ, চিনাক্ত আৰু প্রতিৰোধৰ ক্ষেত্রত এই আৰপিএএছ ব্যৱহাৰ কৰা হৈছে৷ কাৰিকৰী পর্যায়ত এই আৰপিএএছৰ জৰিয়তে ভাৰতীয় সেনাই পূর্বতকৈ অধিক সঠিক সময় সাপেক্ষ তথ্য সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ যুদ্ধ বাহন আৰু যুদ্ধাস্ত্র মোতায়েন কৰাৰ লগতে চিয়াচেন হিমবাহত কর্মৰত সেনাই সন্মুখীন হোৱা কঠিন প্রত্যাহ্বানসমূহ আঁতৰ কৰাৰ লক্ষ্যৰে চিয়াচেনত সম্পূর্ণ সৌৰশক্তি প্রকল্পৰ পৰিকল্পনা কৰা হৈছে৷ জেনেৰেটৰৰ জৰিয়তে যোগান ধৰি থকা বিদ্যুতে উক্ত অঞ্চলত কর্মৰত সেনাৰ বাবে ব্যৱহূত সঁজুলিসমূহ সঠিকভাৱে চলাই থকাত ভীষণ প্রত্যাহ্বানৰ সন্মুখীন হৈ আহিছে৷ এনে পৰিপ্রেক্ষিততে সৌৰশক্তিৰ প্রকল্পৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰি সেনাৰ সমস্যাসমূহ আঁতৰ কৰিবলৈ পৰিকল্পনা সম্পূর্ণ কৰি তুলিছে আৰু শীঘ্রেই চিয়াচেনত সৌৰ ফটো ভলটেক প্লেণ্ট স্থাপন কৰি সেনাৰ বাবে প্রয়োজনীয় বিদ্যুৎ উৎপাদন কৰিব৷

You might also like