নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায়ালয়ৰ ৰোষত শিক্ষা বিভাগৰ প্রধান সচিব

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক নসাৎ কৰিবলৈ গৈ আদালতৰ ৰোষত পৰিল শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তী৷ ৰাজ্যৰ শিক্ষা বিভাগে সর্বশিক্ষা মিছনৰ অধীনত কর্মৰত ঠিকাভিত্তিক কর্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰাৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ এই বিজ্ঞাপনত থকা ত্রুটিৰ বিষয়ে উল্লেখ কৰি আদালতৰ দাৰস্থ হৈছিল আবেদন কৰিব নোৱাৰা প্রার্থী চৈয়দা ৰুণুৱাৰা বেগমে৷ লেখ আবেদন ১২৩৯/২০২১ গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অচিন্ত মল্ল বুজৰবৰুৱাৰ আদালতে ২৩ ফেব্রুৱাৰীত বিভাগক নির্দেশ দিছিল যে ২৫ ফেব্রুৱাৰীৰ ভিতৰত আবেদনকাৰীক এডমিট কার্ড ইছ্যু কৰি বিশেষ টেটত বহিবলৈ অনুমতি দিব লাগে৷ কিন্তু শিক্ষা বিভাগে ন্যায়ালৰ নির্দেশ নসাৎ কৰি ২৫ ফেব্রুৱাৰীৰ সন্ধিয়া ৪ বজাত আবেদনকাৰী বিশেষ টেটত বহাৰ বাবে অযোগ্য ঘোষণা কৰে৷ এই নির্দেশত স্বাক্ষৰ কৰিছিল শিক্ষা বিভাগৰ আয়ুক্ত সচিব বি কল্যাণ চক্রৱর্তীয়ে৷ এই নির্দেশটোক আজি পুনৰ আদাতলৰ সন্মুখত দাঙি ধৰাত ন্যায়াধিশ অচিন্তমল্ল বুজৰবৰুৱাৰ আদালতে আবেলি ৩ বজাত এক কঠোৰ নির্দেশ জাৰি কৰে৷ নির্দেশটোত বিভাগৰ অধিবক্তাক এঘণ্টাৰ ভিতৰত আবেদনকাৰীৰ অধিবক্তা গৌতম চৌধুৰীৰ হাতত অর্পণ কৰিবলৈ কয়৷ অন্যথা আয়ুক্ত সচিব বি কল্যাণ চক্রৱর্তীক আৰক্ষীৰ হতুৱাই আদালত অৱমাননাৰ গোচৰত গ্রেপ্তাৰ কৰা হ’ব বুলি চৰকাৰী অধিবক্তাক অৱগত কৰে৷ এই কঠোৰ নির্দেশ লাভ কৰি আবেলি ৪ বজাত ততাতৈয়াকৈ বিভাগে আবেদনকাৰীক বিশেষ টেটত বহাৰ অনুমতি পত্র প্রদান কৰে৷ বিভাগীয় বিষয়া মালা কলিতাই আবেদনকাৰীৰ লগত যোগাযোগ কৰি এডমিট কার্ড দিয়া হ’ব বুলিও অৱগত কৰে৷

You might also like