নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমতহে COVID-19ৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ যিসকল ক’ৰোনাত আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে তেওঁলোকৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া। দেশৰ বাকী ৰাজ্যসমূহে এই চিকিৎসা কৰাৰ বাবদ ৰোগীজনৰ পৰা ধন লয়। দেশৰ কোনো প্ৰান্ততে বিনামূলীয়াকৈ টেষ্টো কৰা নহয় বুলি সংবাদমেলত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

সকলোধৰণৰ খাদ্যবস্তুও কিনি খাব লাগে দেশৰ বিভিন্ন ৰাজ্যত চিকিৎসাধীন হৈ থকা লোকসকলে। অসম চৰকাৰে ৰাজ্যবাসীৰ কথা চিন্তা কৰিহে এই পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিজন ৰোগীৰ বিনিময়ত ৫০০টকাকৈ খৰচ কৰে খোৱা-বোৱাৰ ক্ষেত্ৰত। এতিয়াৰে পৰা প্ৰতিজন ডায়েবেটিক ৰোগীক ১০০টকাৰ ফলমূল যোগান ধৰা বুলি মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

You might also like