নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ বনাঞ্চলত নাগালেণ্ডৰ আগ্রাসনঃ নাগালেণ্ডৰ মুখ্যমন্ত্রীৰ চিঠিৰ আজি উত্তৰ দিব ড০ শর্মাই 

নিয়মীয়া বাৰ্তা, ৩০ মেঃ অসমৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নাগালেণ্ডৰ আগ্রাসন সম্পর্কত চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্রী নেফি’ ৰিঅ’ৱে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ এখন পত্র দিছে৷

মুখ্যমন্ত্রী ড০ শর্মাই আজি সেই পত্রৰ উত্তৰ দিব৷  গুৱাহাটীত আয়োজিত  এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই এই বিষয়ে জানিবলৈ দি কয় যে নাগালেণ্ডৰ মুখ্যমন্ত্রীক তেওঁ উত্তৰ দিয়াৰ পাছত পত্রৰ প্রতিলিপি সংবাদ মাধ্যমক অৱগত কৰিব৷ তেওঁ আৰু জানিবলৈ দিয়া মতে সীমান্ত অঞ্চল উন্নয়ন বিভাগৰ মন্ত্রী অতুল বৰাই নিৰন্তৰ নাগালেণ্ড চৰকাৰৰ সৈতে যোগাযোগ ৰাখিছে৷ নাগালেণ্ডৰ মুখ্যমন্ত্রীকে ধৰি চৰকাৰখনৰ লগত বৰাই যোগাযোগ কৰি আছে৷ কালিও বৰাই নেফি’ ৰিঅ’ৰ লগত দুই–তিনিবাৰ কথা পাতিছে৷

You might also like