নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ নাওবৈচা খণ্ড প্রাথমিক চিকিৎসালয়ৰ অধীনস্থ কলাখোৱা গাঁৱত এজন ক’ৰোনা আক্রান্ত যুৱকে আত্মহত্যা কৰা ঘটনাই সমগ্র জিলাখনতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, কলাখোৱা গাঁৱৰ অবিনাশ বিশ্বাস (২৭) নামৰ যুৱকজনে যোৱা ৫ ছেপ্ঢেম্বৰত নাওবৈচা খণ্ড প্রাথমিক চিকিৎসালয়ত ৰেপিড এণ্টিজেন টেষ্ট কৰে আৰু ক’ভিড–১৯ নিগেটিভ অহাত চিকিৎসালয় কর্তৃপক্ষই যুৱকজনক ঘৰলৈ যাব দিয়ে৷ কিন্তু ৭ ছেপ্ঢেম্বৰত লখিমপুৰ ক’ভিড কেয়াৰ নামৰ ফেচবুক পেজত যুৱকজনৰ ক’ভিড–১৯ পজিটিভৰ তালিকাত নাম অহাত তীব্র মানসিক চাপত ভুগি কালি নিশা ঘৰৰ পৰা ওলাই যায় বুলি পৰিয়ালৰ লোকে অৱগত কৰে৷ আনহাতে দ্বিতীয় টেষ্টৰ বাবে কোনো ধৰণৰ ছোৱাব নিদিয়াকৈ পুনৰ ৭ ছেপ্ঢেম্বৰত ক’ভিড–১৯ পজিটিভ অহাত যুৱকজন তীব্র মানসিক চাপত ভুগি আত্মহননৰ পথ বাছি লোৱা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে৷ ইফালে কালি নিশা ঘৰৰ পৰা ওলাই যোৱা অবিনাশ বিশ্বাসক গাঁৱৰ লোকে আজি পুৱা শিঙৰা নদীৰ মথাউৰিৰ কাষৰ এজোপা গছত চিপ লৈ থকা অৱস্থাত প্রত্যক্ষ কৰে৷ স্বাস্থ্য বিভাগৰ গাফিলতিৰ তথা দায়িত্বজ্ঞানহীনতাৰ বাবেই যুৱকজনে আত্মহত্যাৰ পথ বাছি লোৱা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে৷
Next Post
You might also like