নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাম্পিং গ্রাউণ্ডত পৰিণত মহানগৰীৰ মৰা ভৰলু; স্মার্ট চিটীৰ অধীনত পাৰ নির্মাণৰ বাবে ধার্য কৰা ৪.৮৮ কোটি ব্যৱহাৰ নহ’ল

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ  স্মার্ট চিটীৰ তালিকাত অন্তর্ভুক্ত হোৱা গুৱাহাটী মহানগৰীৰ সামগ্রিক উন্নয়নত ব্যর্থ হৈছে জিএমচি আৰু গুৱাহাটী স্মার্ট চিটী লিমিটেড৷ গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ অদূৰদর্শিতা আৰু বিভাগীয় বিষয়াৰ হেমাহিত মহানগৰীৰ উন্নয়নমূলক আঁচনিসমূহৰো হোৱা নাই সফল ৰূপায়ণ৷ সুপৰিকল্পিতভাৱে লোৱা মহানগৰীৰ উন্নয়নমূলক আঁচনিসমূহৰ ভিতৰত অন্যতম আছিল মৰা ভৰলুৰ পৰিষ্কাৰ কৰা আৰু পাৰ নির্মাণ কৰা৷ কিন্তু আজিলৈকে এই আঁচনিখন ৰূপায়ণ কৰা নহ’ল৷

আঁচনিখনৰ অধীনত মৰা ভৰলুৰ পৰিষ্কাৰ কৰি দূষিত পানী পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ কথা আছিল৷ আধুনিক প্রযুক্তিবিদ্যাৰ সহায়ত মৰাভৰলুত দূষিত পানীৰ ব্যৱস্থাপনাৰ বাবে ১৮৫ এমএলডি ক্ষমতা সম্পন্ন এটা ৰিজার্ভাৰ স্থাপন কৰাৰ কথা আছিল৷ ইয়াৰোপৰি মৰা ভৰলুত ৩৩.৩৭ কোটি টকা ব্যয়েৰে ৬৫১৫ মিটাৰ দৈর্ঘ্যৰ ফ্লাডৱাল নির্মাণৰ পৰিকল্পনাও কৰিছিল গুৱাহাটী মহানগৰ উন্নয়ন বিভাগে৷ কিন্তু আজিলৈকে মৰা ভৰলুত নির্মাণ নহ’ল ফ্লাডৱাল৷ গুৱাহাটী স্মার্ট চিটী লিমিটেডে ৪.৮৮ কোটি টকা ব্যয়ৰে মৰা ভৰলুৰ পাৰ নির্মাণৰ বাবে আঁচনি গ্রহণ কৰিছিল৷ এই আঁচনিখনো আজিপর্যন্ত ৰূপায়ণ হোৱা পৰিলক্ষিত নহ’ল৷ জিএমডিএ–জিএমচি, গুৱাহাটী স্মার্ট চিটী লিমিটেডৰ ব্যর্থতাৰ বাবেই ডাম্পিং গ্রাউণ্ডলৈ পৰিণত হৈছে মৰা ভৰলু৷ একাংশ লোকে পেলনীয়া আৱর্জনাৰে পুতি পেলাইছে মৰা ভৰলু৷ মৰা ভৰলুৰ পাৰত বসবাস কৰা লোকসকলৰ একাংশই বছৰৰ পাছত বছৰ ধৰি মৰা ভৰলুক ডাম্পিং গ্রাউণ্ড হিচাপে ব্যৱহাৰ কৰি অহাৰ পৰিপ্রেক্ষিতত ফটাশিল আমবাৰীৰ পৰা লালগণেশলৈ এক পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে৷

বিভাগীয় কর্তৃপক্ষৰ ব্যর্থতাৰ বাবেই ডাম্পিং গ্রাউণ্ড হিচাপে ব্যৱহাৰ হৈ অহা মৰা ভৰলুৰ আৱর্জনাই গুৱাহাটী মহানগৰীৰ সৌন্দর্য ম্লান কৰিছে৷ ৰাজ্য চৰকাৰে সু–পৰিকল্পিতভাৱে মৰা ভৰলুৰ উন্নয়নৰ বাবে লোৱা আঁচনিকেইখন বিভাগীয় মন্ত্রী আৰু বিষয়াৰ হেমাহিত ৰূপায়ণ নহ’ল৷ কেৱল মৰা ভৰলুৱেই নহয় ভৰলু, বৰছলা, দীপৰ বিলৰ বাবে লোৱা উন্নয়নমূলক আঁচনিসমূহো ৰূপায়ণত ব্যর্থ হৈছে জিএমডিএ৷

You might also like