নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৃষ্টি- এক সমন্বয় যাত্ৰা, মাজুলীৰ ব’হাগী উৎসৱ ২০২৪ৰ সামৰণি

🔹 ধনীৰাম খাউণ্ডক মৰণোত্তৰভাৱে ‘দ্বীপ বৈভৱ’ সন্মান প্ৰদান

নিয়মীয়া বাৰ্তা, ৭ মে’ : সৃষ্টি-এক সমন্বয় যাত্ৰা, মাজুলীৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ব’হাগী উৎসৱ-২০২৪ৰ পৰহি সামৰণি পৰে। ব’হাগী উৎসৱৰ ৫ মে’ৰ দিনা পুৱা ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুৰ্গেশ্বৰ শইকীয়াৰ গছপুলি ৰোপণৰ পিছতেই সৃষ্টি-এক সমন্বয় যাত্ৰা, মাজুলীৰ বিষয়ববীয়াসকলৰ বিহু প্ৰদৰ্শন আৰু অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পিছতেই ১১ বজাৰ পৰা প্ৰাক্তন ছাত্ৰ নেতা দুলাল ভূঞাৰ উদ্বোধনেৰে জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পিছতেই ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান মাজুলীৰ অধ্যক্ষ আনন্দ শইকীয়াৰ উদ্বোধনেৰে মিচিং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় । ইয়াৰ পিছতেই ৪ মে’ৰ উৎসৱৰ প্ৰথম দিনটোৰ পৰা অনুষ্ঠিত বিহুৰ বিভিন্ন প্ৰতিযোগিতাৰ ফলাফলসমূহ উদযাপন সমিতিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। সেই অনুসৰি সৰু বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম স্থান আটলান্টিকা চেতিয়া, দ্বিতীয় স্থান ৰাজশ্ৰী নাথ আৰু তৃতীয় স্থান গীতাশ্ৰী পগাগে লাভ কৰে। ইফালে, বৰ বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম সুব্ৰতাৰাণী শইকীয়া, দ্বিতীয় ধৰিত্ৰী শৰ্মা আৰু তৃতীয় অৰ্পিতা শইকীয়াই লাভ কৰে। নিশিতা শৰ্মা আৰু শুভাংগী বৰাই সৰু বিহুৱতী প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। ইফালে, জেং বিহু প্ৰতিযোগিতাৰ প্ৰথম ঢকুৱাখনাৰ কলিমতি বিহু দল, দ্বিতীয় ঘিলামৰাৰ কেন্দ্ৰীয় বিহুদলে লাভ কৰে। ইফালে, মিচিং বিহু প্ৰতিযোগিতাৰ প্ৰথম স্থান কাৰ্কীচুক দৃৰবৃ অপেঃ আৰু কাৰ্চাং মৌঃপ দৃৰবৃ অপেঃ দ্বিতীয় স্থান লাভ কৰে। ইফালে, সন্ধিয়া ৭.৩০ বজাৰ পৰা ৰঞ্জন মহন্ত আৰু প্ৰাঞ্জল খাউণ্ডে আঁত ধৰা বঁটা বিতৰণী সভাতে খ্যাতনামা অনাতাঁৰ শিল্পী তথা বৈষ্ণৱ পণ্ডিত, শিল্পী পেঞ্চনাৰ প্ৰয়াত ধনীৰাম খাউণ্ডক মৰণোত্তৰভাৱে ‘দ্বীপ বৈভৱ’ সন্মান প্ৰদান কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই। উক্ত সন্মান তেওঁৰ পত্নী কমলা খাউণ্ড আৰু পুত্ৰ তথা কলাক্ষেত্ৰৰ বিত্তীয় উপদেষ্টা দুলু কুমাৰ খাউণ্ডে উপস্থিত থাকি গ্ৰহণ কৰে । উক্ত সন্মান প্ৰদান কৰি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই কয় যে মাজুলীৰ দিহানাম, প্ৰসংগীয়া আৰু সবহোৱা নামক এটা সুকীয়া মাত্ৰা দিবলৈ যত্ন কৰা এগৰাকী স্বভাৱ কবি প্ৰয়াত ধনীৰাম খাউণ্ড মাজুলীৰ উঠি অহা প্ৰজন্মৰ আদৰ্শস্বৰূপ ব্যক্তি। ইফালে, উক্ত সভাতে ক্ৰমে প্ৰয়াত মোহন চন্দ্ৰ মহন্তৰ পত্নী প্ৰতিভা মহন্ত, হৰেন মহন্ত, বিধায়ক ভুবন গাম, বিতোপন দলে, নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ বিষয়ববীয়াসকলকো বিশেষভাৱে সম্বৰ্ধনা জনায়। সভাতে ব’হাগী উৎসৱ ২০২৪ উপলক্ষে প্ৰস্তুত কৰি উলিওৱা ‘মুগাৰে মহুৰা’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ড° অনুপম বৰাই । ইফালে, সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰি বিশিষ্ট সমাজকৰ্মী বিতোপন দলেই বিহুৰ মৰ্যাদা অক্ষুণ্ণ ৰখাত সৃষ্টিয়ে লোৱা ভূমিকাৰ শলাগ লয় । ঘোষিকা কুঁকি কল্পিতা বৰা আৰু বিশ্বজৎ খাউণ্ডে আঁত ধৰা সাংস্কৃতিক সন্ধিয়াত স্থানীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে কণ্ঠশিল্পী বিপিন চাওদাঙে গীত পৰিৱেশন কৰে ।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like