নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপ ক্রিকেটত আক্রমণৰ ভাবুকি পাকিস্তানৰ সন্ত্রাসবাদীৰ

🔹 ষ্টেডিয়াম-দলীয় হোটেলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা আইচিচিৰ

বিশেষ বাৰ্তা, ৭ মে’ : আইচিচি টি–২০ বিশ্বকাপলৈ মাজতে মাথোঁ কেইটামান দিন বাকী৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখন দুৱাৰডলিত উপনীত হোৱাৰ সময়তে সন্ত্রাসবাদীৰ আক্রমণৰ ভাবুকিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে ক্রিকেট-বিশ্বক৷ বিশ্বৰ শক্তিধৰ দেশ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত যুটীয়াভাৱে ২ জুনৰ পৰা আৰম্ভ হ’ব টি–২০ বিশ্বকাপ ক্রিকেট৷ প্রতিযোগিতাখন সুচাৰুৰূপে আয়োজনৰ প্রস্তুতি চলাই থকাৰ সময়তে বিশ্বকাপত আক্রমণৰ ভাবুকি দিছে পাকিস্তানৰ এটা উগ্রপন্থী সংগঠনে৷ ক্রিকেট ৱেবছাইট ‘ক্রিকবাজ’ৰ প্রতিবেদন অনুসৰি, উত্তৰ পাকিস্তানৰ এটা উগ্রপন্থী সংগঠন প্র’–ইছলামিক ষ্টেটে টি–২০ বিশ্বকাপত আক্রমণৰ ভাবুকি প্রদান কৰিছে৷ ইয়াৰ লগে লগে নিৰাপত্তা ব্যৱস্থাক লৈ শংকিত হৈ পৰিছে ৱেষ্ট ইণ্ডিজৰ লগতে আমেৰিকা৷ উগ্রপন্থী সংগঠনৰ ভাবুকি লাভ কৰাৰ পিছতে ষ্টেডিয়ামৰ লগতে ক্রিকেটাৰসকল থাকিবলগীয়া হোটেলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে৷ সন্ত্রাসবাদীৰ আক্রমণৰ ভাবুকি লাভ কৰাৰ লগে লগে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে আয়োজক দেশ দুখনৰ সৈতে ভাবুকি সন্দর্ভত আলোচনাত মিলিত হয়৷ যিকোনো বিপদৰ মোকাবিলা কৰিবলৈ এক বিস্তৃত নিৰাপত্তাৰ পৰিকল্পনা কৰা হৈছে বুলি ৱেষ্ট ইণ্ডিজে আশ্বাস দিয়া বুলি আইচিচিৰ এজন আগশাৰীৰ বিষয়াই সদৰী কৰে৷ মন কৰিবলগীয়া যে উত্তৰ পাকিস্তানৰ ইছলাম সমর্থক ৰাষ্ট্রই এতিয়া ক্রীড়া প্রতিযোগিতাক লক্ষ্য কৰি লৈছে৷ আইএছৰ পাকিস্তান–আফগানিস্তান শাখাই আইএছ–খোৰাছানৰ ভিডিঅ’ৰ জৰিয়তে বিধ্বংসী বার্তা বিয়পাই আহিছে৷ বিভিন্ন দেশত উগ্রপন্থীৰ খবৰ তাত আলোকপাত কৰা হৈছে৷ লগতে তেওঁলোকৰ সমর্থকসকলক যুদ্ধত যোগদান কৰিবলৈ আহ্বান জনাইছে৷ এই খবৰে বিশ্বকাপৰ নিৰাপত্তাক লৈ উদ্বেগ সৃষ্টি কৰাৰ সময়তে ৱেষ্ট ইণ্ডিজ ক্রিকেট ব’র্ডে বিশ্বকাপত অংশগ্রহণ কৰা ক্রিকেটাৰ আৰু সহায়ক কর্মচাৰীৰ লগতে দর্শকৰ সুৰক্ষাৰ বাবে দায়বদ্ধ বুলি জানিবলৈ দিয়ে৷ ৱেষ্ট ইণ্ডিজ ক্রিকেট ব’ৰ্ডৰ মুখ্য কার্যবাহী বিষয়া জ’নী গ্রেভছে কয় যে আমি আইচিচিৰ সৈতে অহৰহ যোগাযোগত আছোঁ৷ বিশ্বকাপ অনুষ্ঠিত হ’বলগীয়া স্থান আৰু দলীয় হোটেলত নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হ’ব৷ মই সকলো দেশকে জনাই দিব বিচাৰোঁ যে ক্রিকেটাৰ, সহায়ক কর্মচাৰী আৰু দর্শকৰ সুৰক্ষা আমাৰ প্রথম অগ্রাধিকাৰ৷ উল্লেখ্য যে ২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্বকাপৰ মেচসমূহ কেৰিবিয়ান দ্বীপপুঞ্জৰ এণ্টিগুৱা, বার্বাডোজ, গুয়ানা, এণ্টিগুৱা, ছেইণ্ট লুছিয়া আৰু ছেইণ্ট ভিনচেণ্টত অনুষ্ঠিত হোৱাৰ বিপৰীতে আমেৰিকাৰ ফ্ল’ৰিডা, নিউয়র্ক আৰু টেক্সাছত অনুষ্ঠিত হ’ব৷

You might also like