নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভীতিৰে ক্ষমতা দখলৰ ৰাজনীতি

প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন এনডিএ চৰকাৰখনক ক্ষমতাচ্যুত কৰি অষ্টাদশ লোকসভা নির্বাচনত ক্ষমতা দখলৰ সপোন দেখা কংগ্রেছ আৰু একাংশ বিৰোধী ৰাজনৈতিক নেতাই ভীতি প্রদর্শন আৰম্ভ কৰিছে৷ একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্রধানমন্ত্রীৰ আসনত নৰেন্দ্র মোদী অধিষ্ঠিত হ’লে ভাৰতবর্ষত আৰু নির্বাচন অনুষ্ঠিত হ’বলৈ দিয়া নহ’ব, আনকি দেশৰ সংবিধানখনো সলনি কৰি ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ লেখীয়া মোদীয়ে যিমান দিনলৈ মন যায় সিমান দিনলৈ প্রধানমন্ত্রী হৈ থাকিব বুলি প্রচাৰ চলাইছে একাংশ বিৰোধী দলে৷ এনে মুকলি প্রচাৰ কংগ্রেছৰ সভাপতি মল্লিকার্জুন খার্গেই নহয়, অন্যান্য বিৰোধী নেতায়ো সমান্তৰালভাৱে সর্বসাধাৰণ ভোটদাতাৰ মাজত বিয়পাই দিয়াৰ চেষ্টা চলাইছে৷ ২০১৪ৰ লোকসভা নির্বাচনত দেশজুৰি নৰেন্দ্র মোদীৰ সপক্ষে বলা পৰিৱর্তনৰ ধুমুহাই বিধ্বস্ত কৰিছিল দীর্ঘকাল ক্ষমতাত অধিষ্ঠিত কংগ্রেছৰ ভেটি৷ ইয়াৰ লগে লগে কংগ্রেছক সমর্থন কৰা দলসমূহৰ অৱস্থাও হৈছিল শোচনীয়৷ ২০১৯ৰ নির্বাচনত নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনক ক্ষমতাচ্যুত কৰিবলৈ কংগ্রেছ তথা একাংশ বিৰোধী নেতাই ঘাইকৈ ধর্মীয় সংখ্যালঘু লোকসকলৰ মাজত এনে প্রচাৰ চলাইছিল যে যদিহে দেশৰ প্রধানমন্ত্রীৰ আসনত মোদী অধিষ্ঠিত হয় তেন্তে মছজিদসমূহত নামাজ বন্ধ কৰি দিব, মছজিদৰ মাইক খুলি দিব, ঈদৰ সময়ত কোৰবানি বন্ধ কৰি দিব আদি৷ ২০১৯ৰ লোকসভা নির্বাচনৰ পূর্বে কংগ্রেছ তথা একাংশ ৰাজনৈতিক নেতাই চলোৱা ভীতি প্রদর্শনেৰে ক্ষমতা দখলৰ ৰাজনীতি ফলৱতী নহ’ল৷ ২০১৪ৰ লোকসভা নির্বাচনত ৩৩৫খন আসন লাভ কৰি দেশৰ ক্ষমতাত অধিষ্ঠিত প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন এনডিএই ২০১৯ৰ লোকসভা নির্বাচনত ৩৫৩খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ ২০১৪ৰ লোকসভা নির্বাচনত মোদীৰ সপক্ষে বলা ৰাজনৈতিক বতাহজাকৰ প্রাবল্য ইমানেই আছিল যে বিজেপিয়ে অকলে ২৮২খন আসন লাভ কৰিছিল আৰু ইয়াৰে নতুনকৈ লাভ কৰা আসনৰ সংখ্যা আছিল ১৬৬খন৷ ইয়াৰ বিপৰীতে মাথোঁ ৪৪খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল কংগ্রেছ দল৷ ২০১৪ৰ লোকসভা নির্বাচনত কংগ্রেছৰ অৱস্থা ইমানেই শোচনীয় হৈছিল যে দলটোৱে লোকসভা নির্বাচনত ১৬২খন আসন হেৰুৱাব লগা হৈছিল৷ উক্ত নির্বাচনত কংগ্রেছে মাথোঁ ১৯.২৪ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছিল ৩১ শতাংশ ভোট৷ ২০১৯ৰ লোকসভা নির্বাচনত কংগ্রেছ তথা এনডিএৰ অংশীদাৰ দলসমূহৰ অৱস্থাৰ বিশেষ পৰিৱর্তন নহ’ল৷ কংগ্রেছে উক্ত নির্বাচনত ১৯.৬৬ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ ভোটৰ সংখ্যা ৩৭.৭ শতাংশলৈ বৃদ্ধি হৈছিল৷ উক্ত নির্বাচনত বিজেপিয়ে অকলে ৩০৩খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷
এই কথা দ্বিধাহীনভাৱে ক’ব পাৰি যে বিগত ১০ বছৰত দেশৰ ৰাজনীতিত বিজেপিয়ে শক্তিশালী ৰূপত সাংগঠনিক ভেটি স্থাপন কৰিবলৈ সক্ষম হৈছে৷ বিজেপিয়ে এখন এখনকৈ দেশৰ অধিকাংশ ৰাজ্যতে ক্ষমতা দখল কৰিছে৷ দেশজুৰি তৃণমূল পর্যায়ত ভেটি স্থাপনত সফল হ’লেও বিগত ১০ বছৰত দলটোৱে ৰাজ্যভিত্তিক আঞ্চলিক দল আৰু খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ মাজত বিশেষ প্রভাৱ বিস্তাৰ কৰা ৰাজনৈতিক দলসমূহক একেখন মঞ্চত ঐক্যবদ্ধ কৰিবলৈ ধাৰাবাহিক চেষ্টা অব্যাহত ৰাখিছে৷ এনে স্থিতিয়ে দলটোৰ শক্তি আৰু অধিক শক্তিশালী কৰি তুলিছে৷ বিজেপিৰ ক্ষমতা দখলৰ এনে ৰাজনীতিৰ বিপৰীতে শতিকাপুৰণি কংগ্রেছ দলটোৱে বিৰোধী ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই৷ ৰাজ্যভিত্তিক গঢ়ি উঠা ৰাজনৈতিক দল আৰু আঞ্চলিক দলসমূহৰ স’তেও কোনো মিত্রতা গঢ়িব পৰা নাই৷ মাথোঁ পৰিয়ালকেন্দ্রিক ৰাজনীতিত সিদ্ধহস্ত কংগ্রেছৰ ভেটিত দিনকদিনে খহনীয়াৰ সৃষ্টি হৈছে আৰু এনে ৰাজনীতিত বীতশ্রদ্ধ দলটোৰ নিষ্ঠাৱান নেতা–কর্মীসকল আঁতৰি গৈছে৷ নির্বাচনৰ সময়ত দেশবাসীক আতংকিত কৰি, ভয়–ভীতি প্রদর্শন কৰি ক্ষমতা দখলৰ দিন এতিয়া উকলিল৷ ২০১৯ৰ লোকসভা নির্বাচনত কংগ্রেছ দলে চলোৱা ভীতি প্রদর্শনৰ ৰাজনীতিক দেশবাসীয়ে সম্পূর্ণৰূপে প্রত্যাখ্যান কৰিছিল৷ চলিত অষ্টাদশ লোকসভা নির্বাচনৰ প্রচাৰ অভিযানত কংগ্রেছ তথা অন্যান্য বিৰোধী দলসমূহে চলোৱা এনে ভীতিৰ ৰাজনীতিৰে কংগ্রেছে কোনো কাৰণতে সফল হ’ব নোৱাৰে৷ কংগ্রেছৰ স’তে সুৰ মিলাই চিপিএম, তৃণমূল কংগ্রেছ, ডিএমকে আদি ৰাজনৈতিক দলৰ নেতাই এনে ভীতি প্রদর্শনৰ ৰাজনীতিকে অগ্রাধিকাৰ দিয়া পৰিলক্ষিত হৈছে৷ যোৱা লোকসভা নির্বাচনত তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিন নেতৃত্বাধীন ডিএমকে দলে শেহতীয়াকৈ ৰাজ্যখনত হিন্দুবিৰোধী ৰাজনীতি আৰম্ভ কৰিছে৷ তামিলনাডুৰ ৰাজনীতিত যুৱ নেতা আন্নামলাইৰ নেতৃত্বত বিজেপিৰ উত্থানৰ বাবেই কংগ্রেছৰ সহযোগী ডিএমকে দলে হিন্দুবিৰোধী নিকৃষ্ট ৰাজনীতিত নিমজ্জিত হৈছে৷ প্রধানমন্ত্রী মোদীক ক্ষমতাচ্যুত কৰাটো যে সম্ভৱ নহয় সেয়া কংগ্রেছ তথা অন্যান্য বিৰোধী নেতাসকলেও বুজি উঠিছে৷ মোদীৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াৰ বাবে কংগ্রেছৰ নেতৃত্বত গঠন হোৱা ইণ্ডি মর্চা এতিয়া বহুধাবিভক্ত৷ ক্ষমতা দখলৰ ৰাজনীতিত ব্যস্ত কোনো এটা বিৰোধী দলেই মর্চা ৰাজনীতিৰ অংশীদাৰ হৈ এৰা–ধৰা কৰিব নোৱাৰাৰ বাবেই নির্বাচনী যুঁজখনত ঐক্যবদ্ধ হ’ব পৰা নাই৷ এনে পৰিস্থিতিত বহুধাবিভক্ত বিৰোধী শিবিৰৰ সুযোগ নিশ্চিতভাৱে শাসকীয় পক্ষই লাভ কৰিব৷ বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক দেশৰূপে আমি আমাক প্রতিষ্ঠা কৰিবলৈ হ’লে লোকসভা আৰু বিধানসভাসমূহত শক্তিশালী বিৰোধী পক্ষৰ প্রয়োজন আছে৷ কিন্তু বিগত ১০ বছৰত দেশৰ সংসদীয় ৰাজনীতিত বিৰোধীৰ শক্তি যিদৰে উদ্বেগজনকভাৱে হ্রাস হৈছে তাৰ বাবে প্রধানতঃ জগৰীয়া কংগ্রেছ তথা একাংশ বিৰোধী দলৰ ক্ষমতা দখলৰ ৰাজনীতি৷ বাস্তৱ পৰিস্থিতি উপলব্ধি নকৰাকৈ মাথোঁ ক্ষমতা দখলৰ ৰাজনীতিৰে নির্বাচনী যুঁজত নামিলেই দেশৰ জনসাধাৰণে তেনে দলক কেতিয়াও সমর্থন নকৰে৷ মাথোঁ দেশৰ প্রধানমন্ত্রীজনক ক্ষমতাচ্যুত কৰাৰ আহ্বান দিলেই বিৰোধী দলৰ তেনে আহ্বানক দেশবাসীয়ে গুৰুত্ব নিদিয়ে৷ প্রধানমন্ত্রী মোদীৰ বিকল্পৰূপে এখন শক্তিশালী চৰকাৰ গঠনৰ প্রতিচ্ছবি ৰাইজৰ ওচৰত দাঙি ধৰিব পৰা নাই বিৰোধী ৰাজনৈতিক দলসমূহে৷ আনকি বিৰোধী দলসমূহ যে ঐক্যবদ্ধ নহয়, তাৰ ছবিখনহে স্পষ্ট হৈছে৷ এনে পৰিস্থিতিত জনগণক যিমানেই ভীতি প্রদর্শন নকৰক কিয়, ক্ষমতা দখলৰ জোখাৰে বিৰোধী পক্ষই কোনো কাৰণতে শক্তি আহৰণ কৰিব নোৱাৰে৷

You might also like