নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রাইম ব্রাঞ্চৰ হাতত ৪৮জনীয়া প্রার্থী তালিকা; ১৮ ছেপ্টেম্বৰত দিবনে প্রশ্নকাকত জমা দিছিল ভার্গৱ হোটেলত

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ভবাতকৈও বহু গভীৰতালৈ শিপাই আছে আৰক্ষীৰ উপ–পৰিদর্শকৰ (এছ আই) পদৰ প্রশ্ণকাকত ফাদিলৰ ঘটনাত জড়িতৰ সংযোগ৷ মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ (ক্রাইম ব্রাঞ্চ) তদন্তত কার্যতঃ এই কথা স্পষ্ট হৈ পৰিছে৷ ধনৰ বিনিময়ত এছ আই পদৰ চাকৰি বিক্রীৰ ‘মাষ্টাৰ মাইণ্ড’ অসম আৰক্ষীৰ অৱসৰপ্রাপ্ত মহাপৰিদর্শক পি কে দত্ত আৰু একেই দুষ্কার্যত লিপ্ত বিজেপিৰ বিতর্কিত নেতা দিবন ডেকাই চাকৰি বিক্রীৰ বাবে বহু এজেণ্ট নিয়োগ কৰিছিল৷ পি কে দত্ত এণ্ড কোম্পানীৰ নির্দেশত এই এজেণ্টসকলে এছ আই পদৰ প্রার্থীৰ সন্ধানত নামি পৰিছিল৷ এই এজেণ্টৰূপী দালালসকলে দহ লাখ টকাৰ বিনিময়ত এছ আই পদৰ চাকৰি দিয়াৰ প্রতিশ্রুতি দি বহুকেইজন প্রার্থী বিচাৰি উলিয়াইছিল৷ এনে প্রায় ৪৮জন প্রার্থীৰ এখন তালিকা ক্রাইম ব্রাঞ্চে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ এছ আই পদৰ পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ ঘটনা তথা ধনৰ বিনিময়ত এছ আই পদৰ চাকৰি বিক্রীৰ পৰিকল্পনা কৰা দুষ্কার্যত লিপ্ত থকাৰ অভিযোগত ক্রাইম ব্রাঞ্চে ইতিমধ্যে গ্রেপ্তাৰ কৰা ধৃত লোকসকলে তদন্তকাৰী বিষয়াৰ আগত দিয়া স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই চাকৰি প্রার্থীৰ তালিকাখন উদ্ধাৰ কৰা হয়৷ ক্রাইম ব্রাঞ্চৰ এক সূত্রই জনোৱা মতে, মহানগৰীৰ গণেশগুৰি থেংক ইউ লজৰ স্বত্বাধিকাৰী প্রাঞ্জল শর্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই তদন্তকাৰী সংস্থাটোৱে এপল’ হাস্পতালৰ পৰা প্রার্থীৰ এই তালিকা উদ্ধাৰ কৰে৷

উল্লেখ্য যে থেংক ইউ লজৰ অন্যতম স্বত্বাধিকাৰী প্রাঞ্জল শর্মা এপল’ হাস্পতালৰে এজন কর্মচাৰী৷ সেইসূত্রে শর্মাই প্রার্থীৰ তালিকাখন হাস্পতালৰ ড্রয়াৰত লুকুৱাই থৈ দিছিল৷ ক্রাইম ব্রাঞ্চৰ সূত্রটোৱে জনোৱা মতে, পি কে দত্ত এণ্ড কোম্পানীয়ে নিয়োগ কৰা দালালসকলে ঠিক কৰা ৪৮জনীয়া চাকৰি প্রার্থীৰ ভিতৰত আছিল আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’চৰ কনফিডেন্সিয়েল এছিছটেণ্ট সঞ্জীৱ শর্মাৰ দহজন প্রার্থী৷ এই চাকৰি প্রার্থীসকলৰ পৰা আগধন হিচাপে ৫০ শতাংশ ধন আগতীয়াকৈ সংগ্রহ কৰিছিল দালালসকলে৷ দিবন ডেকাৰ হৈ মহানগৰীৰ চানমাৰিৰ পৰা ধন সংগ্রহ কৰিছিল টিহুৰ কুমুদ গোস্বামী আৰু বন্ধু কুমুদ কলিতাই৷ ক্রাইম ব্রাঞ্চে কুমুদ গোস্বামী আৰু কুমুদ কলিতাৰ সন্ধান চলাই আছে যদিও বর্তমান দুয়ো পলাতক হৈ আছে৷ সূত্রটোৱে লগতে জনোৱা মতে, প্রশ্ণকাকত ফাদিলৰ ঘটনাত জড়িত থকাৰ অভিযোগত ক্রাইম ব্রাঞ্চে ইতিমধ্যে গ্রেপ্তাৰ কৰা কামৰূপৰ বামুন্দীৰ কুশল দাসৰ ঘনিষ্ঠ কুমুদ গোস্বামী আৰু কুমুদ কলিতা৷ সঞ্জীৱ শর্মাই প্রার্থীৰ পৰা সংগ্রহ কৰিছিল ২৯ লাখ টকা৷

ইফালে ক্রাইম ব্রাঞ্চৰ জেৰাত উদ্ধাৰ হৈছে আন এক বিস্ফোৰক তথ্য৷ ক্রাইম ব্রাঞ্চৰ সূত্রটোৱে জনোৱা মতে, যোৱা ২০ ছেপ্ঢেম্বৰত এছ আই পৰীক্ষা অনুষ্ঠিত হোৱাৰ দুদিন পূর্বে অর্থাৎ ১৮ ছেপ্ঢেম্বৰত পৰীক্ষাৰ প্রশ্ণকাকত লাভ কৰিছিল দিবন ডেকাই৷ বিতর্কিত বিজেপি নেতাজনে প্রশ্ণকাকত ভার্গৱ হোটেললৈ আনিছিল আৰু সেই প্রশ্ণকাকত হোটেলখনৰ মেনেজাৰে থেংক ইউ লজত জমা দিছিল৷ সেই প্রশ্ণকাকতেৰে দিবন বাহিনীয়ে আনুষ্ঠানিক পৰীক্ষাৰ পূর্বে থেংক ইউ লজত এছ আই পদৰ পৰীক্ষাৰ আখৰা অনুষ্ঠিত কৰিছিল৷ দিবন ডেকাৰ দায়িত্ব আছিল আগতীয়া পৰীক্ষা পৰিচালনাৰ৷ পি কে দত্ত আছিল প্রার্থী নিযুক্তি সংক্রান্তীয় মেনেজমেণ্টৰ দায়িত্বত৷ এনেদৰে বহু মানুহৰ সংযোগ আছিল এছ আই পদৰ চাকৰি বিক্রী তথা প্রশ্ণকাকত ফাদিলৰ ঘটনাত৷ ক্রাইম ব্রাঞ্চ আৰু চি আই ডিৰ তদন্তত এই সমস্ত দুষ্কার্যত আৰু কিমান মানুহ জড়িত হৈ আছে, সেয়া পৰৱর্তী সময়ত স্পষ্ট হৈ পৰিব৷ জানিব পৰা মতে, এই ঘটনা সংক্রান্তত চি আই ডিয়ে আজি পুনৰ দুজন লোকক গ্রেপ্তাৰ কৰিছে৷

You might also like