নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুগামী ব্রহ্মক সন্মুখত বহুৱাই কুমুদ গোস্বামী, সঞ্জীৱ শর্মাক জেৰা

এছআই নিযুক্তি কেলেংকাৰিঃ ক্রাইম ব্রাঞ্চৰ অভিযান

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ   অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছআই) পদৰ কেলেংকাৰিৰ তদন্ত ক্ষিপ্রতৰ কৰি তুলিছে ক্রাইম ব্রাঞ্চে৷ কেলেংকাৰিটোৰ অন্যতম অভিযুক্ত যুগামী ব্রহ্মক প্রথমবাৰৰ বাবে জেৰা কৰে৷ উল্লেখ্য যে জলসিঞ্চন বিভাগৰ নিম্নবর্গৰ সহায়ক যুগামী ব্রহ্মক যোৱা ২১ ছেপ্টেম্বৰত মহানগৰ আৰক্ষীৰ ক্রাইম ব্রাঞ্চে উলুবাৰীস্থিত জলসিঞ্চন বিভাগৰ আৱাসিক এলেকাৰ পৰা গ্রেপ্তাৰ কৰিছিল৷ অৱশ্যে স্বাস্থ্য পৰীক্ষাত তেওঁৰ নমুনা ক’ভিড পজিটিভ ওলোৱাত ধৃত মহিলা কর্মচাৰীগৰাকীক জিএমচিএইচত ভর্তি কৰোৱা হৈছিল৷ সুস্থ হৈ উঠাৰ পিছত আজি ক্রাইম ব্রাঞ্চৰ কার্যালয়লৈ আনি যুগামী ব্রহ্মক জেৰা কৰে তদন্তকাৰী বিষয়াই৷ ক্রাইম ব্রাঞ্চৰ এক সূত্রই জনোৱা মতে যুগামী ব্রহ্মক সন্মুখত বহুৱাই এছআই পৰীক্ষাৰ দালাল কুমুদ গোস্বামী, থেংক ইউ লজৰ দুই স্বত্বাধিকাৰী প্রাঞ্জল শর্মা, প্রণৱ বৰা আৰু আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চৰ কনফিডেন্সিয়েল এছিছটেণ্ট সঞ্জীৱ শর্মাক তদন্তকাৰী বিষয়াই জেৰা কৰে৷

উল্লেখ্য যে এছআই পদৰ চাকৰি কেলেংকাৰিৰ ঘটনাৰ প্রথম অভিযুক্ত হিচাপে ক্রাইম ব্রাঞ্চে যুগামী ব্রহ্মক গ্রেপ্তাৰ কৰিছিল৷ ক্রাইম ব্রাঞ্চৰ জেৰাত যুগামী ব্রহ্মসহ আটাইকেইজন অভিযুক্তই এছআই পদৰ কেলেংকাৰি সন্দর্ভত কেতবোৰ চাঞ্চল্যকৰ তথ্য সদৰী কৰা বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷ সূত্রটোৱে লগতে জনোৱা মতে, সোমবাৰে টিহুৰ পৰা গ্রেপ্তাৰ হোৱা কৃষি বিভাগৰ গ্রামসেৱক তথা দালাল কুমুদ গোস্বামীয়ে বিজেপিৰ পলাতক নেতা দিবন ডেকাৰ নির্দেশত এছআই পদৰ চাকৰি দিয়াৰ বিনিময়ত নলবাৰীৰ কুলদীপ ৰাজবংশীৰে মিলি বহুকেইজন প্রার্থীৰ পৰা ধন সংগ্রহ কৰিছিল৷ কুমুদ গোস্বামীয়ে নিজৰ গাড়ীচালকজনৰ বেংক একাউণ্টৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধনৰ লেনদেন কৰিছিল৷ এছআই পদৰ চাকৰি কেলেংকাৰিৰ দালাল কুমুদ গোস্বামীসহ আন অভিযুক্তসকলকো ক্রাইম ব্রাঞ্চে আজি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়৷ ইয়াৰে যুগামী ব্রহ্মক আদালতে ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ গ্রামসেৱক কুমুদ গোস্বামীসহ বাকীসকলক ক্রাইম ব্রাঞ্চৰ জিম্মাত দিয়া হয়৷ ক্রাইম ব্রাঞ্চৰ জেৰাত এছ আই কেলেংকাৰি সংক্রান্তত এই দালাল চক্রৰ পৰা বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিব বুলি আশা কৰিছে তদন্তকাৰী বিষয়াই৷ ইফালে, এছআই পদৰ চাকৰিৰ বাবে উৎকোচ দিয়া ১২জন প্রার্থীৰ পৰা চিআইডিয়ে চিআৰপিচিৰ ১৬৪ ধাৰাৰ অধীনত জবানবন্দী লোৱা বুলি জানিব পৰা গৈছে৷

You might also like