নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যহস্তীৰ বাবে অধিক জলাশয় সৃষ্টিৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ কালি অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কম্পেনচেটৰী এফৰেষ্টেচন ফাণ্ড মেনেজমেণ্ট এণ্ড প্লেনিং অথৰিটীৰ পৰিচালনা সমিতিৰ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত মুখ্যমন্ত্রীয়ে বন্যপ্রাণীৰ সুৰক্ষাৰ বাবে অধিক খাদ্য সৃষ্টি কৰাৰ এক পাৰিপার্িশ্বক পৰিকাঠামো শক্তিশালী কৰাৰ বাবে নির্দেশ দিয়ে৷ মানুহ আৰু বন্যপ্রাণীৰ সংঘাত হ্রাসৰ বাবে বন্যপ্রাণীসমূহৰ পর্যাপ্ত খাদ্য সৃষ্টিৰ ওপৰত বৈঠকত গুৰুত্ব আৰোপ কৰা হয় যাতে বন্যপ্রাণীসমূহে খাদ্যৰ বাবে জনাঞ্চললৈ আহিবলগীয়া হোৱা পৰিস্থিতি লাঘৱ কৰিব পৰা যায়৷

মুখ্যমন্ত্রীয়ে বন বিভাগক ইয়াৰ বাবে এক উপযুক্ত পৰিকল্পনা কৰি এই পৰিকল্পনা যথাসম্ভৱ শীঘ্রে ৰূপায়িত কৰাৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে যাতে বন্যপ্রাণী আৰু এই বন্যপ্রাণীসমূহৰ আৱাস ভূমিৰ সংৰক্ষণ, সুৰক্ষা আৰু পৰিচালনাৰে এই দিশত এক ফলপ্রসূ ব্যৱস্থা গঢ়ি তুলিব পৰা যায়৷ এই কার্যসূচীৰ অধীনত বন বিভাগে বন্যপ্রাণীসমূহৰ বিশেষকৈ হাতীৰ বিচৰণ ভূমি চিনাক্ত কৰি অগ্রাধিকাৰৰ ভিত্তিত এই কার্যসূচী ৰূপায়ণ কৰিব৷ সংৰক্ষিত এলেকাত তৃণভোজী বন্যপ্রাণীসমূহৰ বাবে বৃক্ষৰোপণেৰে অধিক খাদ্য উৎপাদনৰ বাবে এই কার্যসূচীৰ অধীনত ব্যৱস্থা লোৱা হ’ব৷ মুখ্যমন্ত্রীয়ে হাতীৰ বাবে অধিক জলাশয় সৃষ্টিৰ বাবেও নির্দেশ দিয়ে৷ বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্রী সোণোৱালে কেম্পাৰ অধীনত ইতিমধ্যে হাতত লোৱা কাম–কাজৰ পর্যালোচনা কৰি সেউজ আৱৰণ বৃদ্ধি, সংৰক্ষণ, সুৰক্ষা, পৰিচালনাৰ বাবে গ্রহণ কৰা কাম–কাজসমূহৰো পর্যালোচনা কৰে৷ মুখ্যমন্ত্রীয়ে কেম্পাৰ বিষয়ববীয়াসকলক অসম বন্যপ্রাণী প্রতিষ্ঠান প্রতিষ্ঠাৰ কাম–কাজ দ্রুত কৰাৰ বাবেও নির্দেশ দিয়াৰ লগতে ইয়াৰ বাবে বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুত কৰাৰ বাবেও নির্দেশ দিয়ে৷ কেম্পাৰ কাম–কাজসমূহ চলাই নিয়াৰ বাবে  বৈঠকত কেম্পা চৌহদ প্রতিষ্ঠাৰ বাবেও সহমত পোষণ কৰা হয় আৰু ইয়াৰ বাবে স্থান চিনাক্তকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়৷

বৈঠকত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্য, বন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়া, বন বিভাগৰ প্রধান সচিব অবিনাশ যোশী, বিত্ত বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ প্রধান সচিব ডাঃ জে বি এক্কা, প্রধান মুখ্য বন সংৰক্ষক এ এম সিং, কেম্পাৰ মুখ্য কার্যবাহী বিষয়াৰ লগতে শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like