নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটৰ গৰাহত ৰঙিয়াৰ আৰিমত্ত গড় : বানৰ ছমাহ পিছত হোৱা মেৰামতি

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ : ছমাহ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানত সংকটৰ গৰাহত পৰা ৰঙিয়াৰ ঐতিহ্যমণ্ডিত আৰিমত্ত গড় আজিলৈকে মেৰামতি ব্যৱস্থা কৰা হোৱা নাই। যোৱা ১৬ জুনত হোৱা বানত ইতিহাস প্ৰসিদ্ধ গড়টোৰ মাদৈকাটাত দুশ ফুট পৰ্যন্ত ভাঙি গৈছিল। ইয়াৰ পিছত পৰৱৰ্তী সময়ত সৃষ্টি হোৱা খহনীয়াই ঐতিহাসিক কীৰ্তিচিহ্নটোলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে। গৌৰৱোজ্জ্বল এই গড়টোৱে ৰঙিয়াৰ বাবে এক সুকীয়া পৰিচয় বহন কৰাৰ লগতে বছৰ বছৰ ধৰি মাদৈকাটাৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী বৃহত্তৰ অঞ্চলটোক সুৰক্ষাও প্ৰদান কৰি আহিছিল। কিন্তু যোৱাটো বলিয়া বানত গড়টো ভাঙি যোৱাৰ ফলত অঞ্চলটো প্লাবিত হোৱাৰ লগতে গড়টোৰ অস্তিত্বও বিপদাপন্ন হৈ পৰিছে। বিশেষকৈ খৰালি কালত মেৰামতি নকৰিলে বাৰিষা কালত পুনৰ গড়টোৰ ভগ্ন অংশৰে নৈ সদৃশ পানী বৈ বানৰ সৃষ্টি হোৱাৰ আশংকাত বৃহত্তৰ অঞ্চলবাসী চিন্তিত হৈ পৰিছে। স্থানীয় লোকে অঞ্চলটোৰ সুৰক্ষাৰ লগতে ঐতিহাসিক সমল থকা এই গড়টো সুৰক্ষিত কৰাৰ বাবে চৰকাৰক অতি শীঘ্ৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like