ডিজিটেল ডেস্ক, ১৬ মে’ : কামপুৰ আৰক্ষীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিছে। অভিযানত কামপুৰৰ চিমলাইপথাৰ এলেকাৰ পৰা তিনিজন লোকক আটক কৰা হয়।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, আটকাধীন লোককেইজন চাইবাৰ অপৰাধৰ সৈতে জড়িত আছিল। ধৃত লোককেইজন ক্ৰমে চিমলাইপথাৰৰ আবদুৰ ৰহমান, আলাল উদ্দিন আৰু আন এজন আবদুৰ ৰহমান।
অভিযানকালত আৰক্ষীয়ে ধৃত লোককেইজনৰ পৰা ১০টা ম’বাইল ফোন, ২৯খন ATM কাৰ্ড, ৬খন চেক বুক, এটা ছীল আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰে।
ঘটনাটোক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইফালে, সমগ্ৰ চক্ৰটোৰ সৈতে আৰু কোন কোন লোক জড়িত আছে, সেই সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে বৰ্তমান জেৰা অব্যাহত ৰাখিছে কামপুৰ আৰক্ষীয়ে।