ডিজিটেল ডেস্ক, ১৬ মে’ : নগাঁও জিলাৰ বৰঘাট এলেকাত নিশা সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুৰ ৰহমান।
জানিব পৰা মতে, লখিমপুৰৰ ডকাইত ৰাজিবুৰ ৰহমানক লগত লৈ নগাঁও আৰক্ষীয়ে সোণ উদ্ধাৰৰ উদ্দেশ্যে অভিযান চলাই আছিল। সেই সময়তে আৰক্ষীৰ বাহনখনত আন এখন বাহনে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।
দুৰ্ঘটনাত ৰাজিবুৰ ৰহমান গুৰুতৰভাৱে আহত হয়। ইফালে, এই দুৰ্ঘটনাত নগাঁও আৰক্ষীৰ দুই জোৱানসহ আৰক্ষী বিষয়া বিমান গগৈও আহত হোৱা বুলি জানিব পৰা গৈছে।
বৰ্তমান ৰাজিবুৰ ৰহমান নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।