নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ বৰশিমলুগুৰিৰ ফেৰীৱালা দধি দাসে লিখি উলিয়ালে ৯খনকৈ কাব্যগ্ৰন্থ

নিতৌ পুৱাই মানুহজন ওলাই যায় এখন বাইকেৰে। বাইকখনৰ আগে-পিছে কেইবাখনো মোনা।এই মোনাৰ ভিতৰত থাকে বহী, কিতাপ, কলম, ৰঙীন পেঞ্চিল, ৰবৰ, ছবি অঁকা বহী, স্কেল আদিকে ধৰি কণ কণ শিক্ষাৰ্থীৰ লাগতিয়াল সামগ্ৰী।

এই মানুহজনৰ নাম দধি দাস। ঘৰ অবিভক্ত নলবাৰী জিলাৰ ধমধমাৰ নিকটৱৰ্তী বৰ শিমলুগুৰিত।তেওঁ পেছাত এগৰাকী ফেৰীৱালা। কিন্তু আচৰিত হ’বলগীয়া কথাটো হ’ল এই সাধাৰণ মানুহজনৰ অসাধাৰণ কাম। এগৰাকী অসাধাৰণ প্ৰতিভা আৰু গুণ-গৰিমাৰ অধিকাৰী এই মানুহজন।

নিশা হ’লেই তেওঁ নিজৰ জুপুৰি ঘৰটোত একান্ত মনে টেবুলৰ ওচৰত বহে। হাতত বহী আৰু কলম লৈ তেওঁ চৰ্চা কৰে সাহিত্য আৰু কাব্য জগতৰ। ছন্দ, উপমা আৰু শব্দৰে সৃষ্টি কৰে তেওঁ এটি-দুটিকৈ অলেখ কবিতা।

এনেদৰে দধি দাসে ২০০৭ চনত জীৱনৰ প্ৰথমখন কাব্যগ্ৰন্থ প্ৰকাশ কৰে। এই কাব্যগ্ৰন্থখনৰ নাম- “হওক মানুহৰ পৃথিৱীত মানুহৰ ধ্যান”। এই কাব্যগ্ৰন্থখনে ব্যাপক সমাদৰ লাভ কৰাত দধি দাসে নিজৰ সৃষ্টিত আৰু অধিক মনোনিৱেশ কৰে।

ইয়াৰ পিছতে তেওঁ একাদিক্ৰমে ‘ঘৰবোৰ নদী হৈ যায়’, “আশাবোৰ যেতিয়া হাতৰ তলুৱাত শুকায়”, “ৰ’দ পৰি জিলিকে শৰালি হাঁহৰ পাখি”, “কদম গছৰ তলত তোমাৰ সুৰৰ মুৰুলি”, “তোমাৰ সৰ্পিল মেঘৰ ৰঙীন চুলিৰে স্পৰ্শ কৰিম তোমাক”, ” তথাপি কওঁ তোক বুকুৰ কুটুম”, “মই কান্দো তোক হেৰুওৱাৰ ভয়ত” আৰু “মই অনুভৱ কৰোঁ বিশ্বায়নৰ”। এনেদৰে এতিয়া তেওঁ অসমৰ সাহিত্য আৰু কাব্য জগতলৈ ৯খনকৈ কাব্যগ্ৰন্থ উপহাৰ দিছে।

দধি দাসে লিখা এই ৯খনকৈ কাব্যগ্ৰন্থ বিক্ৰীৰ চাহিদা দৈনিক বৃদ্ধি পাইছে। বিদ্যালয়ৰ পৰা মহাবিদ্যালয় স্তৰলৈ, পুথিভঁৰাল আৰু বৌদ্ধিক মহলেও তেওঁৰ গ্ৰন্থ ক্ৰয় কৰি অধ্যয়ন কৰিছে।

ডিজিটেল ডেস্ক, ৩ জানুৱাৰী :

You might also like