জামুগুৰিহাটত দুৰ্ঘটনাগ্ৰস্ত এম্বুলেঞ্চ, নিহত এক
- জামুগুৰিহাটৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
- ৰোগী কঢ়িয়াই অনা এখন এম্বুলেঞ্চ ডিভাইদাৰত খুন্দা মাৰি বাগৰি পৰাৰ ফলত মৃত্যু হৈছে এজনৰ।
- মৃত্যু হোৱা ৰোগীজনৰ নাম এই পৰ্যন্ত জানিব পৰা হোৱা নাই।
- এম্বুলেঞ্চখনে বিশ্বনাথ চাৰিআলিৰ বালিপুখুৰীৰ পৰা তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ ৰোগী কঢ়িয়াই আনিছিল বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ৩ জানুৱাৰী