নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৌলাশাল আৰক্ষী চকীৰ আৰক্ষী বিষয়া বাবুল শইকীয়াৰ বিৰুদ্ধে মহিলাক নির্যাতনৰ অভিযোগ

নিয়মীয়া বার্তা, ৪ জানুৱাৰীঃ  নলবাৰী জিলাৰ দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া বাবুল শইকীয়াই অসৎ অভিপ্রায়েৰে এগৰাকী মহিলাক কেইবামাহ ধৰি মানসিক নির্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি মহিলাগৰাকীয়ে কাষ চাপিছে মুকালমুৱা আৰক্ষীৰ৷ জানিব পৰা মতে দৌলাশাল আৰক্ষী চকীৰ আৰক্ষী বিষয়া বাবুল শইকীয়াই দৌলাশাল গাঁৱৰ ভুক্তভোগী মহিলাগৰাকীক বিগত কেইবামাহ ধৰি অশ্লীল প্রস্তাৱ দি মানসিক নির্যাতন চলাই আহিছে৷

এটি পুত্র সন্তানৰ মাতৃ বিবাহ বিচ্ছেদিত মহিলাগৰাকীক আৰক্ষী বিষয়া বাবুল শইকীয়াই ছল–চাতুৰীৰে চৰকাৰী আৱাসলৈ মাতি নি বলকপূর্বকভাৱে মহিলাগৰাকীৰ গাল আৰু মুখমণ্ডলত হাত দিয়াৰ চেষ্টা চলায়৷ মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে ২০০৭ চনৰ পৰা তেওঁ দৌলাশাল আৰক্ষী চকীলৈ অহা বিভিন্নজন লোকৰ এজাহাৰ লিখি জীৱন নির্বাহ কৰি আহিছে৷ আজি ভুক্তভোগী মহিলাগৰাকীয়ে নিজেই ন্যায় বিচাৰি কাষ চাপিছে মুকালমুৱা আৰক্ষীৰ৷

ইতিমধ্যে মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত মুকালমুৱা থানাত ০৫/২১ নম্বৰ আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত ২২৩/২৯৪/৩৫৪/৫০৯নং ধাৰাত গোচৰ ৰুজু হৈছে বুলি জানিব পৰা গৈছে৷ ভুক্তভোগী মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰত আৰক্ষী বিষয়া বাবুল শইকীয়াই মহিলাগৰাকীক ফোনযোগে তেওঁৰ চৰকাৰী আৱাসলৈ মতা আৰু মানসিকভাৱে নির্যাতন চলাই অহাৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে৷ আৰক্ষী বিষয়াগৰাকীয়ে মহিলাগৰাকীক বাৰম্বাৰ অভব্য আচৰণেৰে হাৰাশাস্তি কৰি অহা বুলিও অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে৷

লক্ষণীয় কথা যে বিভিন্ন সময়ত বিভিন্ন অভিযোগেৰে অভিযুক্ত এইজনা সহকাৰী উপ–পৰিদর্শক বাবুল শইকীয়াই তেওঁৰ প্রস্তাৱ সমর্থন নকৰা বাবেই ভুক্তভোগী মহিলাগৰাকীয়ে লিখি দিয়া এজাহাৰ গ্রহণ নকৰাৰো গুৰুতৰ অভিযোগ উঠিছে ৷ আৰক্ষী বিষয়াগৰাকীৰ এনে নির্যাতনত অতিষ্ঠ হৈ মহিলাগৰাকীয়ে নলবাৰী জিলা আৰক্ষী অধীক্ষকলৈ মুকালমুৱা আৰক্ষীৰ জৰিয়তে ন্যায় বিচাৰি অভিযোগ–পত্র প্রেৰণ কৰিছে৷ সমান্তৰালকৈ ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষী বিষয়া বাবুল শইকীয়াৰ এনে অভব্য আচৰণৰ বিষয়ে দৌলাশাল গাঁও উন্নয়ন সভাকো লিখিত অভিযোগ দাখিল কৰিছে৷

You might also like