নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ’ বাইডেনক লৈ আশা বেইজিং প্রশাসনৰ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ আমেৰিকাৰ ট্রাম্প প্রশাসনক লৈ বিৰক্ত চীনে আশা প্রকাশ কৰিছে যে দেশখনৰ নৱনির্বাচিত ৰাষ্ট্রপতি জ’ বাইডেনে ক্ষমতাত আৰোহণ কৰিয়েই বেইজিঙৰ সৈতে আলোচনাত মিলিত হ’ব৷ জ’ বাইডেনে ট্রাম্পৰ কার্যকালত যি শীতল যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হ’ল, তাৰ অৱসান ঘটাবলৈ প্রচেষ্টা চলাব বুলিও চীনৰ বিদেশ মন্ত্রী ৱাং য়িয়ে আশা প্রকাশ কৰিছে৷ বিশ্বৰ দুই পৰাক্রমী ৰাষ্ট্রৰ মাজত শান্তি আৰু মৈত্রী স্থাপন হোৱাটো বাঞ্ছনীয় বুলি বিভিন্ন আন্তর্জাতিক সংস্থায়ো আশা প্রকাশ কৰি আছে৷ স্মর্তব্য যে চীন সন্দর্ভত বাইডেনে ট্রাম্পৰ দৰে আক্রমণাত্মক মন্তব্য কৰা নাই যদিও বেইজিঙৰ প্রতি এতিয়াও হোৱাইট হাউছৰ দৃষ্টিভংগী সলনি হোৱা নাই৷ গতিকে ডেম’ক্রেটিক নেতা বাইডেনে ক্ষমতাত আৰোহণ কৰি চীন সন্দর্ভত কেনে দৃষ্টিভংগী গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like