নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাতৰিকাকত বিক্রী কৰি ডক্টৰেট ডিগ্রী লাভ ধমধমাৰ নুৰ মহম্মদৰ

নিয়মীয়া বার্তা ৪ জানুৱাৰীঃ বাতৰিকাকতৰ হকাৰ হিচাপে জীৱন নির্বাহ কৰি বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্রী লাভ কৰিছে ধমধমাৰ এগৰাকী কঠোৰ সংগ্রামী তথা অধ্যৱসায়ী যুৱক নুৰ মহম্মদ আলীয়ে৷ ২০১১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰবী বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি একেখন বিশ্ববিদ্যালয়তেই গৱেষণা

আৰম্ভ কৰিছিল নুৰ মহম্মদ আলীয়ে৷ চেঙা কলেজৰ অৱসৰপ্রাপ্ত অধ্যক্ষ চান্দ মহম্মদ আলীৰ তত্ত্বাৱধানত ‘এ ষ্টাডী অন দ্য লাইফ এণ্ড ৱার্কছ অৱ ইবন খালদুন উইথ স্পেচিয়েল ৰেফাৰেন্স টু আল – মুকাদ্দিন’ বিষয়ত গৱেষণা কৰি নুৰ মহম্মদ আলীয়ে বছৰটোৰ প্রথমটো দিনত ডক্টৰেট ডিগ্রী লাভ কৰে৷

অতি দুখীয়া পৰিয়ালৰ ছাত্র নুৰ মহম্মদ আলীয়ে সৰুৰে পৰাই অতি কষ্টৰ মাজেৰে শিক্ষা গ্রহণ কৰিবলগীয়া হৈছিল৷ তৃতীয় শ্রেণীত পঢ়ি থাকোঁতেই পিতৃক হেৰুওৱা নুৰ মহম্মদে হোটেলত কাম কৰি আৰু মাছৰ ব্যৱসায় কৰি পৰিয়ালৰ খৰচ বহন কৰাৰ লগতে নিজৰ পঢ়াৰ খৰচ উলিয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈছিল৷

পিছত কেৰাচিন বিক্রী কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈ ৰঙিয়া মহাবিদ্যালয়ত আৰবী বিষয়ত অনার্ছ লৈ পঢ়িবলৈ লয়৷ সেই সময়ত নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ তেওঁ ভূটানৰ পৰা চাইকেলেৰে পেড্র’ল কঢ়িয়াই আনি ৰঙিয়াত বিক্রী কৰিবলগীয়া হৈছিল৷ সফলতাৰ পূর্ণ প্রাপ্তি বিচাৰি এফালে বিশ্ববিদ্যালয়ত গৱেষণাকার্যত ব্রতী হৈ আনফালে বাতৰিকাকত বিক্রী কৰি চলাইছে পৰিয়াল৷ আলীৰ কৃতিত্বত ৰাইজে সন্তোষ প্রকাশ কৰে৷

You might also like