নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিলে টিকট দিব নোৱাৰা শ্বেৰমানে যোগ দিলে তৃণমূল কংগ্ৰেছত

ডিজিটেল ডেস্ক, ২২ মাৰ্চ : সমাগত বিধানসভা নিৰ্বাচনত এইবাৰ মন্দিয়া বিধানসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব শ্বেৰমান আলী আহমেদে। অৱশ্যে ইয়াৰ আগেয়ে সমষ্টিটোৰ পৰাই অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ কংগ্ৰেছ ত্য়াগ কৰিছিল বিধায়কগৰাকীয়ে ৷

কিন্তু ৰাইজৰ দলৰ সৈতে অন্তিম মুহূৰ্তত কংগ্ৰেছৰ মিত্ৰতা হোৱাত সমষ্টিটো কংগ্ৰেছক এৰি দিয়ে অখিল গগৈয়ে ৷ ফলত মনোনয়ন দাখিলৰ বাবে কেইটামান ঘণ্টা বাকী থকা অৱস্থাত শ’লঠেকত পৰে শ্বেৰমান আলী আহমেদ। অৱশেষত সমষ্টিটোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে শ্বেৰমান আলী আহমেদে ৰাইজৰ দল ত্যাগ কৰি যোগ দিলে তৃণমূল কংগ্ৰেছত।

উল্লেখ্য যে বৰ্তমানৰ মন্দিয়া সমষ্টিৰ বিধায়ক হৈ থকা শ্বেৰমানক টিকট প্ৰদান কৰাৰ নিশ্চিতি দিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ৰাইজৰ দললৈ আহিছিল যদিও শেষ মুহূৰ্তত কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে শ্বেৰমানক টিকট প্ৰদান কৰিব নোৱাৰিলে ৰাইজৰ দলে। সমাগত নিৰ্বাচনৰ বাবে কঁকালত টঙালি বন্ধা শ্বেৰমান আলীয়ে দেওবাৰে ৰাইজৰ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰে। এতিয়া মন্দিয়া বিধানসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব শ্বেৰমান আলী আহমেদ।

You might also like