নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্প অতীতঃ আমেৰিকাৰ সৈতে কৌশলগত সুসম্পর্ক বজায় ৰাখিবলৈ জ’ বিডেনলৈ ফোন প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বার্তা, ১৮ নৱেম্বৰঃ নৱনির্বাচিত মার্কিন ৰাষ্ট্ৰপতি জ’ বিডেনৰ সৈতে মঙলবাৰে ফোনযোগে বাৰ্তালাপ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। লগতে নৱনির্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হাৰিছকো শুভেচ্ছা জনায় মোদীয়ে।

লগতে পঢ়কঃ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আজি জন্মদিন, ৪৮ বছৰীয়া হ’ল জুবিন

ইপিনে এই বাৰ্তালাপত ক’ৰোনা মহামাৰী, জলবায়ু পৰিৱর্তন আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতাৰ দৰে বিষয়ৰ ওপৰত আলোচনা কৰে।

উল্লেখ্য যে আমেৰিকাৰ সৈতে সুসম্পর্ক বজায় ৰখাৰ বিষয়টোত জোৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

You might also like