নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত অঘটনঃ মন্ত্রী কিষাণক আদৰাৰ মাজতে সমর্থকৰ মৃত্যু

নিয়মীয়া বার্তা, ৭ মার্চঃ পুনৰ ১২২নং সমষ্টিত টিকট লাভ কৰিলে মন্ত্রী সঞ্জয় কিষাণে৷ তিনিচুকীয়াত মন্ত্রীগৰাকী উপস্থিত হোৱাৰ লগ লগেই আনন্দত আত্মহাৰা হৈ পৰিল গুণমুগ্ধসকল৷ মন্ত্রীগৰাকীক আদৰি নাচ–গান কৰি থকাৰ মাজতেই ঘটিল এক মর্মান্তিক ঘটনা৷

মন্ত্রীগৰাকীয়ে তিনিচুকীয়াৰ তিনিকুনীয়াস্থিত সর্বজনীন কালী মন্দিৰত সেৱা জনাবলৈ যোৱাৰ সময়তে সকলোৰে লগত আনন্দত মতলীয়া হৈ থকা জয়প্রকাশ শ্বাহ হঠাৎ ঢ়লি পৰে৷ লগে লগে তেওঁক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ব্যক্তিগৰকীক৷

জানিব পৰা মতে, হঠাৎ ষ্ট্রক হৈ মৃত্যুমুখত পৰে জয়প্রকাশ শ্বাহ৷ মৃত শ্বাহ এগৰাকী সক্রিয় বিজেপি কর্মীৰ লগতে পেছাত এগৰাকী অধিবক্তা আছিল৷ তেওঁ মাকুম টেঙাপানী ঘাৰবস্তি নিৱাসী আছিল৷ তেওঁ ইহসংসাৰত পত্নীসহ দুটি কণমানি সন্তান এৰি থৈ যায়৷ আনন্দ–উল্লাসৰ মাজত এনে এটা দুর্ঘটনাই সকলোকে মর্মাহত কৰি তুলিছে৷

You might also like