নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফক লৈ কংগ্রেছত মহাবিদ্রোহ, প্রার্থী তালিকাৰ পূর্বে মহাজোঁটত দুর্ঘোৰ সংকট

নিয়মীয়া বার্তা,  ৭ মার্চঃ প্রার্থী বাছনিক কেন্দ্র কৰি কংগ্রেছত মহাবিদ্রোহৰ সূচনা হৈছে৷ বিশেষকৈ এ আই ইউ ডি এফৰে আসন বুজাবুজিৰ বিষয়টোক লৈ কংগ্রেছৰ প্রার্থী বাছনিত অধিক জটিলতা সৃষ্টি হয়৷

মহাজোঁটৰ অংশীদাৰ দলৰে হোৱা আলোচনাৰ অন্তত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলক ২১টাকৈ সমষ্টি এৰি দিব বুলি সংবাদ মাধ্যমত বাতৰি প্রচাৰৰ পাছতেই কংগ্রেছৰ ভিতৰচ’ৰাত তীব্র প্রতিক্রিয়া সৃষ্টি হয়৷ আনকি বৰাক উপত্যকাৰ সোণাই, কৰিমগঞ্জ দক্ষিণ, আলগাপুৰ, কাটলিচেৰা, হাইলাকান্দি, বদৰপুৰ সমষ্টি এ আই ইউ ডি এফক এৰি দিবলৈ ওলোৱা কার্যত ক্ষুব্ধ হৈ পৰে বৰাকৰ কংগ্রেছীসকল৷

তদুপৰি বৰাক উপত্যকাৰ প্রার্থী বাছনিৰ ক্ষেত্রত নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেৱক এইবাৰ সম্পূর্ণৰূপে উপেক্ষা কৰে৷ প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ লগতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাকে ধৰি কংগ্রেছ নেতৃত্বৰ এনে আচৰণত সুস্মিতা দেৱ ক্ষুব্ধ হৈ পৰে৷

গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত কংগ্রেছ নেত্রী সুস্মিতা দেৱে  জিতেন্দ্র সিং–ৰিপুণ বৰাকে ধৰি কংগ্রেছ নেতৃত্বৰ উপস্থিতিতে প্রার্থী বাছনিক লৈ মুকলিকৈ বিষোদগাৰ প্রকাশ কৰি তেওঁৰ মতামতক গুৰুত্ব নিদিলে নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রীৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰে৷

সুস্মিতা দেৱৰ স্পষ্ট অভিযোগ– বৰাকত এ আই ইউ ডি এফৰ ওচৰত কংগ্রেছ বিক্রী হৈছে৷ এই বিষয়ে তেওঁ কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীকো অৱগত কৰি তাজ ভিভাণ্টাৰ সভাকক্ষৰ পৰা ওলাই আহে৷ ইয়াৰ পাছতেই তাজ ভিভাণ্টাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷

বৰাক উপত্যকাৰ পৰা অহা কংগ্রেছ নেতাসকলে তাজ ভিভাণ্টাত সাংসদ ৰাণী নৰহক আসন বুজাবুজিত হোৱা খেলিমেলি তথা সুস্মিতা দেৱক উপেক্ষা কৰাৰ বাবে জবাবদিহি কৰি হাইলাকান্দি জিলাৰ তিনিওটা বিধানসভা সমষ্টি কিয় এ আই ইউ ডি এফক এৰি দিয়া হ’ল, সোণাই, দক্ষিণ কৰিমগঞ্জৰ দৰে সমষ্টি কিয় এ আই ইউ ডি এফক এৰি দিলে, সেই বিষয়ে প্রশ্ণ কৰে৷ বৰাকৰ কংগ্রেছীসকলে এতিয়া এ আই ইউ ডি এফ বা বিজেপি কৰিব লাগিব নেকি বুলিও প্রশ্ণ উত্থাপন কৰে৷

সেইদৰে প্রাক্তন মন্ত্রী তথা প্রদেশ কংগ্রেছৰ উপ–সভাপতি ছিদ্দিক আহমেদেও এ আই ইউ ডি এফৰে কৰিবলৈ লোৱা প্রস্তাৱিত আসন বুজাবুজিত তীব্র প্রতিক্রিয়া ব্যক্ত কৰি জয়ৰ সম্ভাৱনা থকাসকলক প্রার্থিত্ব দিয়াৰ দাবী জনায়৷ দুয়োটা দলৰ ক্ষেত্রতে সেই নীতি প্রযোজ্য কৰিহে আসন বুজাবুজি কৰিব লাগে৷ হাইলাকান্দি জিলাৰ তিনিওটা সমষ্টি এ আই ইউ ডি এফক এৰি দিয়াৰ তীব্র বিৰোধিতা কৰে৷

একপক্ষীয়ভাৱে জয়ৰ সম্ভাৱনা থকা সমষ্টিসমূহ এ আই ইউ ডি এফক এৰি দিয়াৰ নীতি সলনি নকৰিলে মহাজোঁটত ভাঙোন আহিব বুলিও তেওঁ মত প্রকাশ কৰাৰ লগতে কংগ্রেছৰ পৰা পদত্যাগ কৰাৰো হুংকাৰ দিয়ে৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাৰ পৰিপ্রেক্ষিতত কংগ্রেছৰ প্রার্থী বাছনি প্রক্রিয়াত স্থবিৰতা আহি পৰে৷

ফলত কংগ্রেছে প্রথম পর্যায়ত নির্বাচন হ’বলগীয়া সমষ্টিসমূহৰ প্রার্থী তালিকা প্রকাশ কৰাত বহু পলম হয়। তাজ ভিভাণ্টাৰ সেই ঘটনাৰ পাছতেই শিলচৰ জিলা কংগ্রেছৰ কার্যালয় ইন্দিৰা ভৱনত উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়৷ ক্ষুব্ধ কংগ্রেছ কর্মীসকলে ইন্দিৰা ভৱনৰ গেটত তলা ওলমাই দিয়াৰ লগতে তেওঁলোকে সর্বাত্মকভাৱে কংগ্রেছ ত্যাগৰ হুমকি দিয়ে৷ জিলা কংগ্রেছৰ সভাপতি প্রদীপ কুমাৰ দে’ৰ নেতৃত্বত ক্ষুব্ধ কংগ্রেছ কর্মীসকলে প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ ফটোসম্বলিত ফেষ্টুন আদি ধ্বংস কৰাৰ লগতে জিতেন্দ্র সিং মুর্দাবাদ, ৰিপুণ বৰা মুর্দাবাদ ধ্বনি দি জিতেন্দ্র সিঙৰ জুমুঠি দাহ কৰে৷

কাছাৰ কংগ্রেছে সোণাইৰ আসনখন কোনো পৰিস্থিতিতে এ আই ইউ ডি এফক এৰি নিদিয়াৰ হুংকাৰ দি দলীয় কার্যালয়ৰ সন্মুখত টায়াৰ জ্বলাই প্রতিবাদ সাব্যস্ত কৰে৷ ইফালে প্রার্থী বাছনিক লৈ জ্যেষ্ঠ কংগ্রেছ নেতা শৰৎ বৰকটকীয়েও অসন্তুষ্টি ব্যক্ত কৰিছে৷ সংবাদ মাধ্যমৰ আগত বৰকটকীয়ে কয় যে প্রার্থী বাছনিক লৈ তেওঁ অসন্তুষ্ট হৈছে৷

গোৱালাৰ কংগ্রেছ ত্যাগ নিঃসন্দেহে কংগ্রেছৰ বাবে এক বৃহৎ ক্ষতি হিচাপে ৰাজনৈতিক মহলত পৰিগণিত হৈছে৷ সেইদৰে নিখিল ভাৰত যুৱ কংগ্রেছৰ সম্পাদক বৰাক উপত্যকাৰ দায়ান হুছেইনে কংগ্রেছ ত্যাগ কৰে৷

You might also like