নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২৪ এপ্ৰিল : ঢকুৱাখনা সম-জিলাৰ বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ উচ্চশিক্ষা অনুষ্ঠান ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী কলেজত নিশা চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত। কলেজখনত নিশা চোৰে চলায় চাফাই অভিযান।
বৃহস্পতিবাৰে নিশা চোৰে কলেজখনৰ অধ্যক্ষৰ কোঠাৰ মূল দুৱাৰৰ তলা ভাঙি কম্পিউটাৰ, লেপটপৰ লগতে দহটাতকৈও অধিক মূল্যৱান সা-সামগ্রী, ফাইল-পত্র আদি লৈ যায়। আনকি চোৰে অধ্যক্ষৰ কোঠাত থকা গডৰেজৰ তলা ভাঙি সকলো গুৰুত্বপূৰ্ণ ফাইল, নথি-পত্র উলিয়াই লণ্ডভণ্ড কৰাৰ লগতে বুকচেল্ফৰ তলা ভাঙিও কিতাপ-পত্ৰ লণ্ডভণ্ড কৰি থৈ যায় বুলি জনায় কলেজখনৰ অধ্যক্ষ ড° বিশ্বেশ্বৰ পাতিৰে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত ঘিলামৰা থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জনাইছে অধ্যক্ষগৰাকীয়ে। বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানখন বৰ্তমান অপ্ৰাদেশীকৃত অৱস্থাত আছে যদিও অসম চৰকাৰৰ শেহতীয়া প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হোৱাৰ সময়তে এনেদৰে নথি-পত্ৰ চুৰি হোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে। কলেজ কৰ্তৃপক্ষই চুৰিকাণ্ডৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীক দাবী জনাইছে।