নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত এহেজাৰৰ তললৈ নামিল আক্রান্ত

নিয়মীয়া বাৰ্তা, ১ আগষ্ট: ৰাজ্যত ক্রমাৎ উন্নত হৈছে ক’ভিড পৰিস্থিতি৷ দীর্ঘদিনৰ বিৰতিৰ অন্তত ৰাজ্যত প্রথমবাৰলৈ এহেজাৰৰ তললৈ নামে আক্রান্তৰ সংখ্যা৷

ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ৯৮৯জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১৬০জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি কামৰূপৰ ৬৬জন, গোলাঘাটৰ ৫৫জন আৰু নলবাৰীৰ ৫০জন লোক ক’ভিডত আক্রান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,০৭,২৮৫টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৯২ শতাংশ৷ ইপিনে শনিবাৰে ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে ১,৪৮০জন৷

সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১১,৯৭৫জন৷ শনিবাৰে ক’ভিডত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ১৯জন লোকে৷ ইয়াৰে সর্বাধিক ৪জন লোক গোলাঘাট জিলাৰ৷ তদুপৰি যোৰহাট–কামৰূপ–কোকৰাঝাৰ ২জনকৈ লোক, কাছাৰ–চৰাইদেউ–দৰং এজনকৈ লোকৰ বিয়োগ ঘটিছে৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিডত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৫,২৬০জনলৈ বৃদ্ধি পালে৷

You might also like