নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যায়ন পদ্ধতিৰে উচ্চতৰ মাধ্যমিকৰ ফলাফলঃ অসন্তুষ্ট শিক্ষার্থীৰ বাবে অনুষ্ঠিত হ’ব বিশেষ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১ আগষ্ট: বিকল্প মূল্যায়ন পদ্ধতিৰে শনিবাৰে ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রকাশ কৰা ফলাফল অনুসৰি, ২০২১ বর্ষত কলা শাখাৰ ৯৮.৯৩ শতাংশ, বাণিজ্য শাখাৰ ৯৯.৫৭ শতাংশ আৰু বিজ্ঞান শাখাৰ ৯৯.০৬ শতাংশ শিক্ষার্থী উত্তীর্ণ হৈছে৷ বিগত ২০১২ চনৰ পৰা তিনিওটা শাখাৰে উত্তীর্ণৰ এই হাৰ অভিলেখপূর্ণ৷ ক’ভিড পৰিস্থিতিৰ জটিলতাৰ বাবে এইবাৰ উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰে পৰীক্ষা বাতিল কৰা হয়৷

ইয়াৰ পৰিৱর্তে শিক্ষাবিদ, শিক্ষা বিষয়াৰে গঠিত এখন বিশেষজ্ঞ সমিতিয়ে বিকল্প মূল্যায়নৰ বাবে বিশেষ পদ্ধতি যুগুত কৰি উলিয়ায়৷  বিকল্প মূল্যায়ন পদ্ধতিৰেই ২০২১ বর্ষৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হয়৷ সেই অনুসৰি কলা শাখাৰ মুঠ ১,৯১,৮৫৫গৰাকী পৰীক্ষার্থীৰ ভিতৰত ৫৮,২৪৪গৰাকীয়ে প্রথম বিভাগ, ৮৯,৫২০গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪২,০২৯গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিবলৈ সফল হয়৷ কলা শাখাত ছাত্রৰ উত্তীর্ণৰ হাৰ ৯৯.১০ শতাংশ আৰু ছাত্রীৰ উত্তীর্ণৰ হাৰ ৯৯.০৮ শতাংশ৷ মাজুলী জিলাত কলা শাখাৰ ক্ষেত্রত উত্তীর্ণৰ হাৰ সর্বাধিক৷ জিলাখনৰ ৯৯.৯১ শতাংশ শিক্ষার্থীয়ে উত্তীর্ণ হৈছে৷ মাজুলীত কলা শাখাৰ মুঠ পৰীক্ষার্থীৰ সংখ্যা আছিল ২,১৭২গৰাকী৷ ইয়াৰে ৭৫৯গৰাকীয়ে প্রথম বিভাগ, ১,০২৪গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৩৮৭গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে৷ ইপিনে, বিজ্ঞান শাখাত এইবাৰ মুঠ পৰীক্ষার্থীৰ সংখ্যা আছিল ৩৮,৪৩০গৰাকী৷ ইয়াৰে, ৩২,৯১৭গৰাকীয়ে প্রথম বিভাগ, ৪,৬০৯গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৫৪২গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হৈছে৷ ছাত্রৰ উত্তীর্ণৰ হাৰ ৯৯.৮৪ শতাংশ আৰু ছাত্রীৰ উত্তীর্ণৰ হাৰ ৯৯.৮৮ শতাংশ৷ বিজ্ঞান শাখাত ডিমা হাছাও জিলাৰ ১০০ শতাংশ শিক্ষার্থী উত্তীর্ণ হৈছে৷ বাণিজ্য শাখাত মুঠ পৰীক্ষার্থীৰ সংখ্যা আছিল ১৮,৪৪৩গৰাকী৷ ইয়াৰ ভিতৰত ১১,১৮৯গৰাকীয়ে প্রথম বিভাগ, ৫,৪৯৭গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ১,৬৭৮গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হয়৷ বাণিজ্যত ছাত্রৰ উত্তীর্ণৰ হাৰ ৯৯.৮০ শতাংশ আৰু ছাত্রীৰ উত্তীর্ণৰ হাৰ ৯৯.৮৬ শতাংশ৷ লক্ষণীয়ভাৱে বাণিজ্য শাখাত ১৩খন জিলা ক্রমে বিশ্বনাথ, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, নলবাৰী, দক্ষিণ শালমাৰা, ওদালগুৰি আৰু পশ্চিম কার্বি আংলঙত এশ শতাংশ পৰীক্ষার্থী উত্তীর্ণ হৈছে৷ আজি একেলগে বৃত্তিমূলক শাখাৰ ফলাফলো ঘোষণা কৰা হয়৷ বৃত্তিমূলক শাখাৰ ১,০৮১গৰাকী পৰীক্ষার্থীৰ ৬১৮গৰাকীয়ে প্রথম বিভাগ, ৩৮১গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৫৪গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে৷ উত্তীর্ণৰ হাৰ হ’ল ৯৭.৪১ শতাংশ৷ প্রণিধানযোগ্য যে যিসকল পৰীক্ষার্থী আজি ঘোষিত ফলাফলক লৈ সন্তুষ্ট নহয়, তেওঁলোকৰ বাবে অনুষ্ঠিত কৰা হ’ব বিশেষ পৰীক্ষা৷ বিশেষ পৰীক্ষাত অৱতীর্ণ হ’ব খোজা ছাত্র–ছাত্রীসকলৰ বাবে অহা ৫ আগষ্টৰ পাছত প’র্টেল মুকলি কৰা হ’ব বুলিও উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কর্তৃপক্ষই সদৰী কৰিছে৷

You might also like