🔹 বেংকৰ একাউন্টৰ গৰাকীক সতৰ্ক হোৱাৰ আহ্বান সচেতন মহলৰ
নিয়মীয়া বাৰ্তা, নাৰায়ণপুৰ, ৬ জুলাই : দেশত সম্প্রতি বেংকৰ একাউন্টৰ ধন সৰকোৱাৰ দুষ্ট চক্রই এক গভীৰ ষড়যন্ত্র চলাইছে। বিভিন্ন এপৰ জৰিয়তে এই ষড়যন্ত্র আৰম্ভ কৰিছে। বিগত সময়ত বেংকৰ উচ্চপদস্থ বিষয়া হিচাপে পৰিচয় দি গ্ৰাহকৰ সৈতে ফোনেৰে সংযোগ স্থাপন কৰি গ্ৰাহকৰ বেংক একাউন্ট বন্ধ হৈ যোৱাৰ ভয় দেখুৱাই গ্ৰাহকৰ পৰা বেংক একাউন্টৰ প্ৰয়োজনীয় সকলো তথ্য লৈ একাউন্টৰ ধন উলিয়াই নিয়াৰ দৰে অলেখ ঘটনা সংঘটিত কৰাৰ পিছত এইবাৰ নতুন জাল ৰচনা কৰি আপোনাৰ বেংকৰ সাঁচতীয়া ধন লুটাৰ ষড়যন্ত্রত নামিছে দুষ্ট চক্র।
সাধাৰণ গ্ৰাহকক আকৃষ্ট কৰিবলৈ পিএম কিষাণ এপৰ জৰিয়তে এই জাল পেলাইছে দুষ্ট চক্রটোৱে। উল্লেখ্য যে এই এপটো খুলি ফোন নম্বৰ আৰু নাম অন্তর্ভুক্ত কৰাৰ লগে লগে আপোনাৰ মোবাইল হেং মাৰি অচল হৈ যাব আৰু আপোনাৰ সংযোগত থকা সকলো হোৱাটছএপ গ্ৰুপলৈ উক্ত এপটো প্ৰেৰণ হৈ যায় ব্যক্তিগৰাকীৰ অজ্ঞাতে। তাৎপর্যপূর্ণ বিষয় যে মোবাইলৰ পৰা প্ৰেৰণ হোৱাৰ কোনো তথ্য নাথাকে গৰাকীৰ মোবাইলত।
এই এপটো খুলি তিক্ত অভিজ্ঞতা লাভ কৰা একাংশ লোকে জানিবলৈ দিয়া অনুসৰি এপটো খোলাৰ লগে লগে মোবাইল বন্ধ হৈ যায় আৰু মোবাইলৰ গৰাকীৰ অজ্ঞাতে বিভিন্ন হোৱাটছএপ গ্ৰুপলৈ এপটো গুচি যায়। উক্ত বিষয়টোক লৈ সম্প্রতি লখিমপুৰ জিলাকে ধৰি ৰাজ্যৰ সচেতন মহল সতৰ্ক হৈ পৰিছে আৰু ৰাইজক এই বিষয়ত সতৰ্ক হ’বলৈ সামাজিক মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে।
লক্ষণীয় বিষয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ টোপ দি ৰাইজৰ সাঁচতীয়া ধন দুষ্ট চক্রই কৌশলেৰে লুটাৰ গভীৰ ষড়যন্ত্রৰে হোৱাটছএপৰ জৰিয়তে মুকলি কৰি দিয়া এই এপটোৰ প্ৰভাৱত পৰি বহু লোক সৰ্বস্বান্ত হোৱাৰ পূৰ্বে সকলোকে সাৱধান হ’বলৈ সচেতন মহলে আহ্বান জনাইছে।
প্ৰেৰক জগত গগৈ