নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৭ খনলৈ বৃদ্ধিঃ নতুনকৈ সংযোজিত হ’ল দিহিং পাটকাই

নিয়মীয়া বাৰ্তা, ৯ জুনঃ ৰাজ্যত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৭ খনলৈ বৃদ্ধি পালে। আজি ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা হ’ল দিহিং পাটকাই।

কাজিৰঙা, ডিব্ৰু-চৈখোৱা, ওৰাং, মানাহ আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পাছত শেহতীয়াকৈ সংযোজিত হ’ল ৰাইমনা আৰু দিহিং পাটকাই। আজি এই ঘোষণা কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

উল্লেখ্য যে মধ্য প্ৰদেশ আৰু আন্দামান নিকোবৰৰ পাছত সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান থকা ৰাজ্য হ’ল অসম।

অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হৈছে বৰ্ষাৰণ্যৰ এক অংশ। এই ৰাষ্ট্ৰীয় উদ্যানক বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক ‘পূবৰ আমাজান’ (The Amazon of the east) বুলিও আখ্যা দিয়া হয়।

বন বিভাগৰ তথ্য অনুসৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে ২৩৪. ২৬ বৰ্গ কিলোমিটাৰ। যি ডিব্ৰুগড় জিলাত পৰিছে ১১০. ৫৯ বৰ্গ কিলোমিটাৰ আৰু তিনিচুকীয়া জিলাত পৰিছে ১২৩. ৬৭ বৰ্গ কিলোমিটাৰ। 

You might also like