নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিচি এদিনীয়া ৰেংকিঙৰ পৰা হঠাৎ নাম অন্তর্ধান কোহলি–ৰোহিতৰ

📌 টীম ইণ্ডিয়াৰ দুই ছুপাৰষ্টাৰৰ অৱসৰক লৈ বৃদ্ধি পালে জল্পনা–কল্পনাৰ

নিউজ ডেস্ক, ২১ আগষ্ট : হঠাতে আইচিচি এদিনীয়া ৰেংকিঙৰ পৰা নাম অন্তর্ধান হ’ল টীম ইণ্ডিয়াৰ দুই ছুপাৰষ্টাৰ বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ৷ ইয়াৰ লগে লগে দুয়োগৰাকী তাৰকা ক্রিকেটাৰৰ অৱসৰক লৈ বৃদ্ধি পালে জল্পনা–কল্পনা৷

বিগত সপ্তাহত আইচিচিয়ে প্রকাশ কৰা এদিনীয়া ৰেংকিঙৰ বেটিং শাখাত দ্বিতীয় স্থানলৈ উন্নীত হৈছিল ৰোহিত শর্মা৷ ইফালে, বিৰাট কোহলিয়ে চতুর্থ স্থানটো অক্ষুণ্ণ ৰাখিছিল৷ কিন্তু কালি আইচিচিয়ে প্রকাশ কৰা এদিনীয়া ৰেংকিঙৰ বেটিং শাখাত নাম নাছিল টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ দুগৰাকীৰ৷ অৱশ্যে এঘণ্টাৰ পিছতে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে তেওঁলোকৰ নাম এদিনীয়া ৰেংকিঙত সন্নিৱিষ্ট কৰে৷ অৱশ্যে এই সন্দর্ভত আইচিচিয়ে এতিয়ালৈকে কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷

সাধাৰণতে ক্রিকেটাৰ এজনে অৱসৰ ল’লে তেওঁক ৰেংকিঙৰ পৰা আঁতৰাই দিয়া হয়৷ টি–২০ আৰু টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাত বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ নাম টি–২০ আৰু টেষ্ট ৰেংকিঙত স্থান দিয়া হোৱা নাই৷

উল্লেখ্য যে বিৰাট কোহলি আৰু ৰোহিত শর্মাই বিগত মার্চ মাহত চেম্পিয়নছ ট্রফীৰ ফাইনেলৰ পিছৰ পৰা কোনো এদিনীয়া আন্তর্জাতিক মেচত অংশগ্রহণ কৰা নাই৷ আইচিচিয়ে কালি প্রকাশ কৰা ৰেংকিঙৰ বেটিং শাখাত টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ শুভমন গিলে শীর্ষ স্থানটো নিজৰ দখলতে ৰাখিছে৷ বর্তমান গিলৰ ৰেংকিং পইণ্ট হ’ল ৭৮৪৷ ইপিনে, শ্রেয়াছ আয়াৰ অষ্টম স্থানলৈ উন্নীত হৈছে৷ ৰোহিত শর্মাই দ্বিতীয় আৰু বিৰাট কোহলিয়ে চতুর্থ স্থানটো নিজৰ দখলতে ৰাখিছে৷ দক্ষিণ আফ্রিকাৰ কেশৱ মহাৰাজে দুটা স্থান আগুৱাই বলিং শাখাৰ শীর্ষ স্থানটো দখল কৰিছে৷ ইফালে, টীম ইণ্ডিয়াৰ কুলদ্বীপ যাদৱে এটা স্থান পিছুৱাই তৃতীয় আৰু ৰবীন্দ্র জাদেজাই নৱম স্থানটো অক্ষুণ্ণ ৰাখিছে৷

You might also like