নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্থগিতাদেশ সত্ত্বেও সংগোপনে চলাইছিল গেৰুকামুখ প্রকল্পৰ নির্মাণ

সেউজ ন্যায়াধিকৰণক অংগুষ্ঠ লোকসভাত কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙৰ বিস্ফোৰক তথ্য

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ বৃহৎ নদীবান্ধবিৰোধী তীব্র প্রতিবাদ আৰু ইয়াৰ মাজতে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ (এন জি টি) স্থগিতাদেশমর্মে ২০১৯ চনলৈকে গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য স্থগিত হৈ আছিল৷ পিছে এন জি টিৰ নির্দেশ অমান্য কৰি নির্মাণকাৰী সংস্থা এন এইচ পি চিয়ে যে গোপনে ২,০০০ মেগাৱাট শক্তি উৎপাদনক্ষম জলবিদ্যুৎ প্রকল্পটোৰ নির্মাণকার্য চলাই আছিল, তাৰ এক বিস্ফোৰক তথ্য আজি ফাদিল হ’ল লোকসভাৰ মজিয়াত৷ সদনৰ প্রশ্ণোত্তৰ কালত কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে প্রদান কৰা এক বিবৃতি অনুসৰি ২০১৮ চনৰ পৰা ২০২০ চনৰ আগষ্ট মাহলৈকে গেৰুকামুখ প্রকল্প হিচাপে পৰিচিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্যত ব্যয় কৰা হৈছে মুঠ ২,৫১৫.০৮ কোটি টকা৷ ইয়াৰ ভিতৰত ২০১৮–১৯ বিত্তীয় বর্ষত ৭৮২.৪৫ কোটি, ২০১৯–২০ বিত্তীয় বর্ষত ১,৪০৭.৬৭ কোটি আৰু ২০২০–২১ বিত্তীয় বর্ষৰ আগষ্ট মাহলৈকে ৩২৪.৯৬ কোটি টকা ব্যয় কৰা হৈছে৷ এতিয়া প্রশ্ণ উত্থাপন হৈছে– ২০১৯ চনৰ ছেপ্ঢেম্বৰ মাহলৈকে এন জি টিৰ স্থগিতাদেশ থকা সত্ত্বেও নির্মাণকাৰী সংস্থা এন এইচ পি চিয়ে ইমান বৃহৎ পৰিমাণৰ পুঁজি ক’ত ব্যয় কৰিলে? কাৰণ ২০১৮ চনৰ মার্চৰ পৰা ২০১৯ চনৰ ছেপ্ঢেম্বৰ মাহলৈকে যেতিয়া স্থগিতাদেশ বলৱৎ হৈ আছিল, সেই সময়ছোৱাৰ ভিতৰতেই জলবিদ্যুৎ প্রকল্পটোত ২,০০০ কোটি টকাৰো অধিক ব্যয় কৰা হৈছে বুলি কেন্দ্রীয় শক্তিমন্ত্রীজনে প্রদান কৰা বিবৃতিটোত স্পষ্ট হৈ পৰিছে৷

উল্লেখ্য যে ২০১৯ চনৰ ৩১ আগষ্টৰ দিনাহে এন জি টিয়ে গেৰুকামুখ প্রকল্পক প্রত্যাহ্বান জনোৱা গোচৰ খাৰিজ কৰিছিল আৰু সেইমর্মে নির্মাণকার্যৰ ওপৰত থকা স্থগিতাদেশো আঁতৰি গৈছিল৷ আনহাতে, তাৎপর্যপূর্ণ কথাটো হৈছে কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে লোকসভাত জনোৱা মতে, ২৫০ মেগাৱাটকৈ আঠটা গোটসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত উৎপাদনক্ষম কৰি তোলা হ’ব৷ নির্মাণকার্যত আনুমানিক মুঠ ব্যয় কৰা হ’ব ১৯,৯৯২.৪৩ কোটি টকা৷ ২০১৭ চনৰ ৪ এপ্রিলত অন্তিমবাৰৰ বাবে এই ধনৰাশি নির্ধাৰণ কৰা হৈছিল৷ ইয়াৰ পূর্বতে প্রকল্পৰ কাম আৰম্ভ হোৱাৰ সময়ত প্রকল্পটোৰ আনুমানিক ব্যয় নির্ধাৰণ কৰা হৈছিল ৬,২৮৫.৩৩ কোটি টকা৷ অর্থাৎ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্যত প্রায় তিনিগুণ ব্যয় বৃদ্ধি পাব৷ লক্ষণীয়ভাৱে প্রকল্পটোৰ নির্মাণকার্যৰ ব্যয় ইমান বৃদ্ধি পোৱাৰ বাবে কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে আজি পোনপোটীয়াকৈ নদীবান্ধবিৰোধী আন্দোলনক দায়ী কৰা পৰিলক্ষিত হৈছে৷ নিজৰ উত্তৰত তেওঁ কয় যে অসমত চলি থকা নদীবান্ধবিৰোধী আন্দোলনৰ বাবেই ২০১১ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০১৯ চনৰ অক্টোবৰ মাহলৈকে প্রকল্পটোৰ নির্মাণকার্য বন্ধ হৈ আছিল৷

লক্ষণীয়ভাৱে তেওঁ গেৰুকামুখ প্রকল্পৰ নির্মাণকার্যত পলম হোৱা তথা ব্যয় বৃদ্ধিৰ বাবে অসমৰ নদীবান্ধবিৰোধী আন্দোলনক দায়ী কৰিছে যদিও প্রকল্পটোৰ নির্মাণকার্য যেতিয়া আৰম্ভ কৰিছিল, সেই সময়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ২০১০ চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত উৎপাদনক্ষম কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল৷ পিছে নদীবান্ধবিৰোধী আন্দোলন আৰম্ভ হোৱাৰ পূর্বেই নির্ধাৰিত সময়ৰ ভিতৰত প্রকল্পটোৰ নির্মাণকার্য কিয় সম্পন্ন কৰিব নোৱাৰিলে, তাৰ কোনো সদুত্তৰ দিব পৰা নাই কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে৷ কেৱল তেওঁ কয় যে আৰম্ভণিত বনভূমি হস্তান্তৰ কৰাৰ ক্ষেত্রত কিছু পলম হৈছিল৷ আৰম্ভণিত অৰুণাচল প্রদেশৰ স্থানীয় লোকসকলেও বাধা দিছিল৷ তদুপৰি ২০০৮ চনৰ জানুৱাৰী মাহত প্রকল্পটোৰ পাৱাৰ হাউছত দেখা দিয়া ত্রুটিৰ কথাও তেওঁ উল্লেখ কৰে৷ আনহাতে, আন এক প্রশ্ণৰ উত্তৰত কেন্দ্রীয় শক্তিমন্ত্রী সিঙে আজি লোকসভাত প্রকাশ কৰা মতে, উত্তৰ–পূর্বাঞ্চলৰ পৰা মুঠ ৬৩,২৫৭ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ যাৰ ভিতৰত কেৱল অৰুণাচল প্রদেশৰ পৰাই লক্ষ্য নির্ধাৰণ কৰা হৈছে ৫০,৩২৮ মেগাৱাট৷ ইয়াৰ ভিতৰত ৫০,০৬৪ মেগাৱাটৰ বিদ্যুৎ বৃহৎ নদীবান্ধৰ পৰা উপলব্ধ কৰা হ’ব৷ এই মুহূর্তত অৰুণাচল প্রদেশৰ পৰা মাত্র ৯৬৫ মেগাৱাট বিদ্যুৎহে উৎপাদন কৰি থকা হৈছে৷ সামগ্রিকভাৱে উত্তৰ–পূর্বাঞ্চলৰ পৰা এই মুহূর্তত মাত্র ৪,০৪৬ মেগাৱাট জলবিদ্যুৎহে আহৰণ কৰি থকা হৈছে৷ আনহাতে, অসমৰ পৰা মুঠ ৬৮০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ আৰু এই মুহূর্তত ৰাজ্যখনত বিদ্যুৎ উৎপাদন হৈ আছে ৩৫০ মেগাৱাট৷

You might also like