নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমা সংকটৰ অৱসান কেতিয়া

পুনৰ অশান্ত হৈ পৰিছে অসম–মিজোৰাম সীমান্ত৷ প্রতিৱেশী ৰাজ্যখনৰ পৰা অহা একাংশ দুষৃকতিকাৰীয়ে হাইলাকান্দি জিলাৰ গল্লাছেৰা গাঁৱত কুৰিৰো অধিক গঞাৰ ঘৰ–বাৰী জ্বলাই দিলে৷ দলটোৰ আক্রমণত কেইবাজনো অসমীয়া আহত হয়৷ অঞ্চলটোৰ পৰা ৭০টামান পৰিয়ালে প্রাণৰক্ষাৰ স্বার্থত ঘৰ–বাৰী এৰি নিৰাপদ স্থানত আশ্রয় ল’বলগীয়া হয়৷ দুষৃকতিকাৰীৰ দলটোৱে দিনৰ পোহৰতে সেই দলে–বলে আহি গাঁও আক্রমণ কৰা ঘটনাটোক সহজে ল’ব পৰা নাযায়৷ আক্রমণ কাণ্ডটো মুহূর্তৰ ভিতৰতে সংঘটিত হোৱা নাই৷ দীর্ঘ সময় ধৰি দুষৃকতিকাৰীয়ে গাঁওখনত তাণ্ডৱ চলাইছিল৷ গঞাক গাঁও এৰি পলাবলৈ বাধ্য কৰোৱা হৈছিল৷ ইয়াৰ আঁৰত কোনো সংগঠিত শক্তিৰ চক্রান্ত লুকাই আছে৷ শক্তিটো সেয়া মিজোৰাম চৰকাৰো হ’ব পাৰে৷ দৰাচলতে ৰাজশক্তিৰ সহায়–সাহস নাপালে দিনৰ পোহৰতে তেনে ধৰণৰ সংগঠিত আক্রমণ কাণ্ড এটা কোনেও সহজে ঘটাব নোৱাৰে৷ অৱশ্যে অসমৰ সীমান্তত প্রতিৱেশী ৰাজ্যৰ আগ্রাসন কোনো নতুন কথা নহয়৷ অৰুণাচল, নাগালেণ্ডৰ পৰা আৰম্ভ কৰি পশ্চিম প্রান্তৰ পশ্চিমবংগ সীমান্তলৈ এই আগ্রাসনৰ পৰিধি ব্যাপ্ত হৈ আছে৷ নাগালেণ্ড–ৰুণাচল সীমান্তত ইয়াকে লৈ সততে সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হয়৷ প্রতিৱেশী ৰাজ্য দুখনে থানা–বিদ্যালয়, ভোটকেন্দ্র আদি স্থাপন কৰি অসমৰ ভূমিক নিজৰ মানচিত্রৰ অন্তর্ভুক্ত কৰিবলৈ প্রয়াস চলাই আছে৷ এইক্ষেত্রত মেঘালয় চৰকাৰো সক্রিয় হৈ পৰা দেখা যায়৷ ৰাজ্যখনে অসমৰ ভূমিত আৰক্ষী চকী স্থাপন কৰাৰ বাতৰি অলপতে সংবাদ মাধ্যমত প্রকাশ পাইছিল৷ অর্থাৎ প্রতিৱেশী ৰাজ্যৰ আগ্রাসন অসমৰ বাবে এটা বিৰামহীন ঘটনাত পৰিণত হৈছে৷ প্রতিটো সপ্তাহতে যেন কোনো নহয় কোনো অংশত অসমৰ ভূমি গ্রাস কৰাৰ অপচেষ্টা চলে৷ অসমীয়াক ভূমিৰ অধিকাৰৰ পৰা বলপূর্বক বঞ্চিত কৰি সেই স্থানত দখলদাৰী জনগোষ্ঠীক বহুওৱা হয়৷ সীমান্তত চলি থকা এনে ধৰণৰ পৰিস্থিতিয়ে অসমৰ ভূখণ্ডক দিনে দিনে সংকুচিত কৰি অহাৰ লগতে সীমান্তত বসবাস কৰা অসমীয়াৰ জীৱনো বিপদাপন্ন আৰু অনিশ্চয়তাৰে ভৰাই পেলাইছে৷ এনে পৰিস্থিতিত শান্তিৰে বসবাস কৰাটো তেওঁলোকৰ বাবে দিবাস্বপ্ণ স্বৰূপ হৈ পৰিছে৷ ইয়াৰ প্রভাৱ জনসাধাৰণৰ মনোজগতত বেয়াকৈ পৰে৷ মানৱ সম্পদ নির্মাণ বাধাগ্রস্ত হয়৷ সমান্তৰালকৈ আন এটা অশুভ পৰিৱেশৰ সৃষ্টি হয়৷ সীমাৰ ইপাৰে–সিপাৰে থকা ৰাজ্য দুখনৰ জনসাধাৰণৰ মাজত বিশ্বাসহীনতাৰ মনোভাব গা কৰি উঠে৷
সীমান্তত বিৰাজমান এনে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ অসম চৰকাৰে বর্তমানলৈকে ফলপ্রসূ পদক্ষেপ লোৱা বুলি ক’ব নোৱাৰি৷ অন্যথা সমস্যাটো দিনে দিনে ইমান জটিল আৰু গভীৰ হৈ নপৰিলহেঁতেন৷ পূর্বতে মিজোৰাম সীমান্ত ইমান অশান্ত নাছিল৷ ইয়াৰ বিপৰীতে মূলতঃ নাগালেণ্ড আৰু অৰুণাচল সীমান্ততহে প্রতিৱেশী ৰাজ্য দুখনৰ আগ্রাসন চলিছিল৷ এতিয়া মিজোৰামো সীমান্তত পূর্বৰ তুলনাত অধিক সক্রিয় হৈ পৰিল৷ অসমৰ বাবে সীমান্তৰ সুৰক্ষাত অধিক প্রত্যাহ্বান আহি পৰিল৷ সেয়ে চৰকাৰে দৃঢ় পদক্ষেপ, সুচিন্তিত পৰিকল্পনা গ্রহণ কৰি আগবঢ়াটো জৰুৰী হৈ পৰিছে৷ ইয়াকে কৰিব নোৱাৰিলে নিজ ভূখণ্ডৰ নাগৰিকক সুৰক্ষা দিব নোৱৰা বুলি অভিযোগে চুব চৰকাৰখনক৷ বর্তমানৰ অসম চৰকাৰৰ কাৰণে সীমা সমস্যা সমাধানত পূর্বৰ চৰকাৰৰ তুলনাত অধিক সুবিধা আছে৷ সীমান্তত থকা কেউখন ৰাজ্যৰ সৈতে বিজেপিৰ নেডা নামৰ এটা সংগঠন আছে৷ সংগঠনটোৰ জৰিয়তে কূটনৈতিক প্রয়াস চলাব পাৰি৷ কেন্দ্রত একেই দলৰ চৰকাৰ থকাৰ সূত্রে প্রতিৱেশী ৰাজ্যৰ চৰকাৰকেইখনক আলোচনাৰ মেজলৈ আনি সৌহার্দ্যপূর্ণ পৰিৱেশত সীমা সমস্যা সমাধান তথা সীমান্তত শান্তি স্থাপন কৰি অসমৰ ইতিহাসত এটা নতুন পৃষ্ঠাৰ সংযোজন ঘটাব পাৰি৷ কিন্তু বিগত সময়ছোৱাৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে সীমান্তত বসবাস কৰা অসমীয়া আৰু অসমৰ মানচিত্রখনক ন্যায় প্রদানৰ বাবে আজিলৈকে কোনো এখন চৰকাৰে নিষ্ঠাসহকাৰে কাম কৰা নাই৷ মাথোঁ অশান্তিময়–প্রীতিকৰ্ পৰিস্থিতি উদ্ভৱ হ’লেহে কিছুদনৰ বাবে সক্রিয়, তৎপৰ হৈ পৰে৷ পিছলৈ লাহে লাহে গেঁঠেলা মাৰে৷ এই ধাৰাবাহিকতাৰ গতি ৰুদ্ধ কৰি বর্তমানৰ চৰকাৰে দৃঢ় পদক্ষেপ লওক৷ সীমান্তত অসমৰ ভূমি আৰু জনগণে সম্পূর্ণ সুৰক্ষিত আৰু স্বাভাৱিক পৰিৱেশত থকাৰ সুযোগ পাব লাগে৷ এই কামটো চৰকাৰৰ৷

You might also like