নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ উত্তৰ–পূর্বাঞ্চলৰ পর্যটন, সংস্কৃতি আৰু বাণিজ্যৰ উত্তৰণৰ লক্ষ্যৰে আজিৰ পৰা চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছে ডেষ্টিনেচন নর্থ–ইষ্ট ২০২০৷ বিশ্ব পর্যটন দিৱসৰ সৈতে সংগতি ৰাখি দেওবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই চাৰিদিনীয়া মহোৎসৱ ভিডিঅ’ কনফাৰেঞ্চিংযোগে উদ্বোধন কৰে৷ ভিডিঅ’ কনফাৰেঞ্চিঙত ড’নাৰ মন্ত্রী জিতেন্দ্র সিঙৰ লগতে অসম, অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, ত্রিপুৰা, নাগালেণ্ড আৰু ছিকিমৰ মুখ্যমন্ত্রীসকলেও অংশগ্রহণ কৰে৷ ‘মই দেশ–বিদেশৰ বহু অঞ্চল ভ্রমণ কৰিছোঁ৷ বহুতো পর্যটনস্থলীলৈ গৈছোঁ৷ কিন্তু উত্তৰ–পূবৰ দৰে প্রাকৃতিক সৌন্দর্য মই আন ক’তো দেখা বুলি ক’ব নোৱাৰোঁ৷’ –উদ্বোধনী ভাষণত অমিত শ্বাহে কয়৷ গৃহমন্ত্রীগৰাকীয়ে লগতে কয় যে অঞ্চলটোৰ জনসাধাৰণে প্রাচুর্যময় আৰু বৈচিত্র্যপূর্ণ ভাষা, পৰম্পৰা আৰু সংস্কৃতিক বিভিন্ন প্রত্যাহ্বান সত্ত্বেও ৰক্ষণাবেক্ষণ দিবলৈ সক্ষম হৈছে৷ উত্তৰ–পূর্বাঞ্চল খুব সোনকালে অন্যতম শ্রেষ্ঠ পর্যটনস্থলীত পৰিণত হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ অমিত শ্বাহে কয়– ‘উত্তৰ–পূবৰ প্রাকৃতিক সৌন্দর্য হ’ল দেশৰ অলংকাৰ৷ উত্তৰ–পূবৰ সংস্কৃতিক বাদ দি দেশৰ সংস্কৃতি কেতিয়াও সম্পূর্ণ হ’ব নোৱাৰে৷’ পৰৱর্তী ডেষ্টিনেচন নর্থ–ইষ্ট তেওঁৰ নিজা সমষ্টি গুজৰাটৰ গান্ধীনগৰত আয়োজন কৰিবলৈ আগ্রহ প্রকাশ কৰে শ্বাহে৷ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা এক্ট ইষ্ট পলিচীৰ জৰিয়তে বাণিজ্য আৰু পর্যটনৰ ক্ষেত্রত উত্তৰ–পূবক সংযোগ কৰাৰ যথেষ্ট অৱকাশ আছে বুলিও দোহাৰে অমিত শ্বাহে৷