নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত বিধ্বংসী ধুমুহাত বাসগৃহ, গছ-গছনি ধ্বংস

বিশেষ বার্তা, ২৪ এপ্ৰিল : কালি মাজনিশা বৃহত্তৰ নাহৰকটীয়া অঞ্চলৰ ওপৰেদি পাৰ হৈ যোৱা এজাক ধুমুহাই সমগ্ৰ অঞ্চলটোত ব্যাপক ক্ষতিসাধন কৰে। বিধ্বংসী ধুমুহা আৰু বৰষুণৰ ফলত নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত চাচনী মৌজাৰ আমগুৰি, বালিপাৰা, লেঙেৰিজান চাহ বাগিচা দীঘলাপথাৰ আদি অঞ্চলত ব্যাপক ক্ষতি হয়। বিধ্বংসী ধুমুহা জাকে অঞ্চলসমূহৰ কেইবাটাও বাসগৃহৰ ক্ষতি কৰাৰ উপৰি বিভিন্ন অঞ্চলত শতাধিক গছ গছনি উঘালি পেলাই বিদ্যুৎ বিভাগৰ বিদ্যুৎ পৰিবাহী তাঁৰ আৰু খুটাৰ ক্ষতিসাধন কৰাৰ লগতে কেইবাটাও পথ বন্ধ হৈ পৰে। উল্লেখযোগ্য যে ধুমুহাৰ ফলত কোনো লোক বা জীৱজন্তুৰ প্ৰাণহানি হোৱা নাই যদিও বহুসংখ্যক গছ বৈদ্যুতিক পৰিবাহী খুটা আৰু তাঁৰত উঘালি পৰাৰ ফলত নাহৰকটীয়া উপ বৈদ্যুতিক সংমণ্ডলৰ অধীনত বাতৰি প্ৰেৰণ কৰা পৰলৈকে বিদ্যুৎ যোগান সম্পূৰ্ণ ৰূপে ব্যাহত হৈ আছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like