নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ জৰাজীৰ্ণ ৰূপ

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল : কেনেদৰে চলিছে অসম চৰকাৰৰ বিয়াগোম কৃষি বিভাগ। ঢকুৱাখনা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ দুৰৱস্থাই উদঙাইছে ৰাজ্যৰ কৃষি বিভাগৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ। বাহিৰৰ পৰা দেখিলে আপোনাৰো সন্দেহ উপজিব, এইটো চৰকাৰী কার্যালয়েই নে? উৱলি যোৱা তথা এটা জৰাজীৰ্ণ গৃহত চলি আছে ৰাজ্যৰ অতিকৈ গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত কৃষি বিভাগৰ এইটো ঢকুৱাখনা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়। কৃষি বিভাগৰ কাৰ্যালয়টোৰ দুর্দশা দেখিলে সকলোৰে চকু কপালত উঠিব। ঢকুৱাখনা মহকুমাৰ দুই লক্ষাধিক জনতাৰ বাবে কৃষিৰ সা-সুবিধা আৰু সেৱা আগবঢ়াবৰ বাবে ১৯৯২ চনতেই স্থাপিত এই কার্যালয়টোত এতিয়া নাই কাম কৰাৰ কোনো পৰিৱেশ। যিটো সময়ত ৰাজ্যৰ কৃষি বিভাগে ৰাজ্যৰ কৃষক সকলক কৃষি ক্ষেত্ৰত উন্নয়নৰ বাবে অভিলাষী আঁচনিৰে সপোন দেখুৱাইছে সেই সময়তে স্বয়ং কৃষি বিভাগৰ বিষয়া-কর্মচাৰীয়ে উপযুক্ত কাৰ্যালয়ৰ অভাৱত জৰাজীৰ্ণ কোঠাত বহিয়েই চম্ভালিছে কৃষকৰ কাৰ্য।আনহে নালাগে কাৰ্যালয়টোত কৰ্মচাৰী বহিবলৈ এখন চকীৰ অভাৱ৷ ফলত কৰ্মচাৰী সকলে থিয় হৈয়ে কৰিবলগীয়া হৈছে কাৰ্যালয়ৰ কামকাজ। বিভাগীয় দায়িত্বজ্ঞানহীনতাৰ চুৱান্ত নিদৰ্শন দাঙি ধৰি এখন সালি পৰা টিনৰ চালিৰ তলত বিগত এটা মাহে চলি আছে কাৰ্যালয়টো। এমাহৰ আগতেই ধুমুহাত বিস্তৰ ক্ষতি হৈছিল কাৰ্যালয়টোৰ গৃহ। বৰষুণৰ পানীত নষ্ট হৈ যায় কাৰ্যালয়টোৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ। সংশ্লিষ্ট বিভাগৰ হেমাহি আৰু গাফিলতিত ধুমুহাত বিধ্বস্ত কাৰ্যালয়টো বিগত এটা মাহে মেৰামতি নোহোৱাত ভীষণ সমস্যাত পৰিছে কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীসকল।ভাগি উৱলি যোৱা টিনৰ চালিৰ তলত ভয় শংকাৰে চৰকাৰী কৰ্তব্য সম্পাদন কৰিবলগীয়া হৈছে কৰ্মচাৰীসকলে। এজাক বৰষূণ দিলেই স্তব্ধ হৈ পৰে কাৰ্যালয়ৰ কাম-কাজ। বৰষুণ আহিলেই বিষয়া- কৰ্মচাৰীয়ে নথি পত্ৰ সামৰি হাতে হাতে লয় চৰিয়া, বাল্টি। প্রতি মূহুৰ্ততে দুৰ্ঘটনাৰ আশংকাত কাম কৰিব লাগে কৰ্মচাৰীসকলে। কৰ্মচাৰীসকল বহিবৰ বাবে নাই কোনো চকী-মেজ।প্ৰতি মূহুৰ্ততে দুৰ্ঘটনাৰ আশংকা লৈ কাম কৰিব লগা হৈছে কৰ্মচাৰীসকলে। ইফালে যোৱা বৰ্ষৰ মাৰ্চ মাহতেই অসম চৰকাৰৰ কৃষি বিভাগৰ RIDF শিতানৰ ৭৫ লাখ টকা ব্যয়ৰে এটা কাৰ্যালয় গৃহৰ আধাৰশিলা স্থাপন হৈছিল যদিও ছমাহৰ ভিতৰতে সম্পূৰ্ণ হ’বলগীয়া গৃহটোৰ কাম ১৩টা মহেও সম্পূৰ্ণ হৈ নুঠিল।ফলত জৰাজীৰ্ণ কাৰ্যালয়টোত জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছে ঢকুৱাখনা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বিভাগীয় বিষয়া-কৰ্মচাৰী। কৃষি বিভাগৰ দৰে এটা অতি গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়া কৰ্মচৰীৰ এনে দুৰ্দশাই সকলোৰে মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছেআৰু শীঘ্ৰে কার্যালয়টো নির্মাণ কৰি কাম-কাজ নিয়াৰিকৈ চলিবলৈ সুবিধা কৰি দিবলৈ অঞ্চলটোৰ কৃষক ৰাইজে কৃষি বিভাগ তথা চৰকাৰক আহ্বান জনাইছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like