অসমৰ এডভোকেট জেনেৰেল তথা মহাধিবক্তা দেৱজিৎ শইকীয়াই নিজৰ পদৰ পৰা পদত্যাগ কৰিছে। ৰাজ্যত নতুন চৰকাৰ গঠনৰ প্ৰাকক্ষণত এই সিদ্ধান্ত গ্ৰহণ কৰাক লৈ ৰাজনৈতিক আৰু আইনী মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে।
জানিব পৰা মতে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমান চৰকাৰখনৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতে শইকীয়াই নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এক বিবৃতিত তেওঁ উল্লেখ কৰে যে, ৬ মে’ত আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰা হৈছে।
বিবৃতিত তেওঁ কয়, “উচ্চ পৰম্পৰা আৰু সাংবিধানিক নীতি অক্ষুণ্ণ ৰাখিবলৈ, মোৰ কাৰ্যকাল আৰু বৰ্তমান চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ লগে লগে মই এডভোকেট জেনেৰেল পদৰ পৰা পদত্যাগ কৰিছোঁ।”
প্ৰায় পাঁচ বছৰ ধৰি এই গুৰুত্বপূৰ্ণ সাংবিধানিক দায়িত্ব পালন কৰা শইকীয়াই নিজৰ কাৰ্যকালক “অত্যন্ত সন্মান আৰু গৌৰৱৰ” বুলি অভিহিত কৰে। লগতে এই সময়ছোৱাত লাভ কৰা সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী পৰিষদ, চৰকাৰী বিষয়া, আইনী মহলৰ সদস্য আৰু সহকৰ্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, ১২ মে’ত নতুনকৈ নিৰ্বাচিত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে শপত গ্ৰহণ কৰিব। চৰকাৰ পৰিৱৰ্তনৰ এই সন্ধিক্ষণত মহাধিবক্তাৰ পদত্যাগক এক সুস্থ সাংবিধানিক পৰম্পৰাৰ অংশ হিচাপে চোৱা হৈছে।
ডিজিটেল ডেস্ক, ৭ মে’