নলবাৰী চহৰৰ বৰমা ৰোডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। অ’ডি বাহনত থকা প্ৰায় ৬ লাখ টকা কৌশলেৰে লৈ উধাও হয় ডকাইতৰ দল।
জানিব পৰা মতে, আইচিচিআই বেংকৰ শাখাৰ সন্মুখতে সংঘটিত হয় এই কাণ্ড। ঠিকাদাৰ জিয়াউৰ পাছাৰৰ আছিল লুট হোৱা ধনখিনি।
অভিযোগ অনুসৰি, ডকাইতসকলে প্ৰথমে গাড়ীৰ সন্মুখত কেইখনমান নোট পৰি থকা দেখুৱাই চালকক বাহনৰ পৰা নামিবলৈ বাধ্য কৰায়। চালকজন বাহনৰ পৰা আঁতৰি যোৱাৰ সুযোগতে কৌশলেৰে বাহনত থকা নগদ ধন লৈ পলায়ন কৰে দুৰ্বৃত্তই।
ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ৭ মে’