নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীৰ নিযুক্তিঃ ভুৱা প্রমাণ–পত্র দাখিল সন্দর্ভত চি আই ডিত গোচৰ

নিয়মীয়া বাৰ্তা, ১৬ মে’: অসম আৰক্ষীৰ শেহতীয়াকৈ সম্পন্ন হোৱা নিযুক্তি প্রক্রিয়াত ভুৱা প্রমাণ–পত্র দাখিল সন্দর্ভত চি আই ডিত ৰুজু কৰা হৈছে গোচৰ৷ চি আই ডিয়ে এই সন্দর্ভত ৰুজু কৰিছে ৫/২০২২ নম্বৰৰ গোচৰ৷ এই কথা সদৰী কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান (ডি জি পি) ভাস্কৰজ্যোতি মহন্তই৷

অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কার্যালয়ৰ প্রেক্ষাগৃহত সংবাদ মেলত ডি জি পি মহন্তই প্রকাশ কৰা অনুসৰি মুঠ ৪১৪জন প্রার্থীয়ে দাখিল কৰা কম্পিউটাৰ প্রমাণ–পত্রত অনিয়ম লাভ কৰিছিল৷ যাৰ বাবে তেওঁলোকে আৰক্ষী অধীক্ষকসকলক এই বিষয়টোৰ অনুসন্ধান কৰিবলৈ নির্দেশ দিছিল৷ ইয়াৰ ভিত্তিত আৰক্ষী অধীক্ষসকলে সংশ্লিষ্ট প্রমাণ–পত্র প্রদান কৰা প্রতিষ্ঠানসমূহৰ বিষয়ে অনুসন্ধান কৰে আৰু বহুকেইখন প্রতিষ্ঠান ভুৱা বুলি তথ্য লাভ কৰে৷ সেয়েহে ইয়াৰ অনুসন্ধানৰ বাবে চি আই ডিক দায়িত্ব অর্পণ কৰা হৈছে৷

ইপিনে শেহতীয়াকৈ অসম আৰক্ষীত নিযুক্তি প্রদান কৰা ৮ সহস্রাধিক কনিষ্টবলৰ নিযুক্তি প্রক্রিয়া সম্পূর্ণ স্বচ্ছ আৰু নিকা আছিল বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালকপ্রধানগৰা কয় যে জিলা আৰু বিভিন্ন শ্রেণীৰ ক্ষেত্রত কাট অফ মার্ক বেলেগ বেলেগ হ’ব পাৰে৷ কাট অফ মার্কৰ সম্পূর্ণ তথ্য ষ্টেট লেভেল পুলিচ ৰিক্রুইটমেণ্ট ব’ৰ্ডৰ ওচৰত মজুত আছে৷ যদি কোনোবা প্রার্থীয়ে সন্দেহবশতঃ চাব বিচাৰে, তেন্তে তেওঁ ব’ৰ্ডৰ ওচৰলৈ আহি সেই তথ্যসমূহ লাভ কৰিব পাৰিব৷

আনহাতে, আজিৰ ভিতৰত নৱনিযুক্ত কনিষ্টবলসকলে জিলা অথবা বেটেলিয়নত উপস্থিত হ’ব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়– ‘তেওঁলোকৰ নিযুক্তিৰ স্থানৰ বাবে নির্দেশ প্রদান কৰা হ’ব৷ আজি বা কাইলৈৰ ভিতৰত তেওঁলোকে নিযুক্তিৰ স্থান লাভ কৰিব৷ বেটেলিয়নসমূহত তেওঁলোকৰ প্রশিক্ষণ আৰম্ভ হ’ব৷ আৰক্ষী আৰক্ষী হৈ থাকিব লাগিব আৰু অনুশাসন সম্পূর্ণৰূপে মানি চলিব লাগিব৷’

You might also like