নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাঠীচালনা কৰিলে আৰক্ষীক বেয়া নাপাবঃ DGP ভাস্কৰ জ্যোতি মহন্ত

নিয়মীয়া বাৰ্তা ১২ মেঃ “নতুন ক’ভিড বিধি মতে যিসমূহ নীতি নিৰ্দেশনা দিয়া হৈছে, সেই নিৰ্দেশনাসমূহ পালনৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব। সেই ক্ষেত্ৰত এইবাৰ পূৰ্বতকৈ অতি কঠোৰ হ’ব আৰক্ষী।”– আজি ৰাজ্যখনত দ্বিতীয় পর্যায়ৰ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে বুধবাৰে নতুন এছঅ’পি জাৰি কৰি এই মন্তব্য কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।

ইপিনে ১ বাজত দোকান-পোহাৰ বন্ধ থকাৰ পাছত পিছ দোৱাৰেদি যদি কোনো ব্যৱসায়ীয়ে সামগ্ৰী বিক্ৰী কৰে, সেই ক্ষেত্ৰত আৰক্ষী ব্যৱসায়ীজনৰ প্ৰতি অতি কঠোৰ হ’ব বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

আনহাতে গ্রাম্যাঞ্চলৰ জনসাধাৰণে এই নিৰ্দেশনা পালনৰ ক্ষেত্ৰত গাঁওৰক্ষীসকলক সচেতন হ’বলৈ আহ্বান জনাই সঞ্চালক প্ৰধানগৰাকীয়ে।

লগতে কণ্টেইনমেন জ’নৰ ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতা নাথিকিব বুলি কয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।

You might also like