নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমেন বৰগোহাঞিৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

নিয়মীয়া বাৰ্তা ১২ মেঃ বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য। বুধবাৰে পুৱা ৬.৫৮ বজাত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা সাহিত্যিকগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰিবলৈ হাস্পতাল চৌহদত সমাগম হয় অগনণ গুণমুগ্ধৰ ।

৫০ৰ দশকৰ পৰাই কবিতা, গল্প, উপন্যাস আদি বিভিন্ন ৰচনাৰে অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰি থৈ যোৱা বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

লগতে পঢ়কঃ মহীৰূহৰ মহাপ্ৰয়ানঃ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ জীৱন পৰিক্ৰমা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াতে টুইট কৰি লিখিছে, “অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰী হোমেন বৰগোহাঞি স্মৰণীয় হৈ ৰ’ব। তেওঁৰ কৰ্মৰাজিয়ে অসমীয়া জনজীৱন আৰু সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰিছিল। তেওঁৰ দেহাৱসানে মৰ্মাহত কৰিছে। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছো। ঔম শান্তি।”

উল্লেখ্য যে ১৯৭৮ চনত পিতা-পুত্ৰ নামৰ গ্ৰন্থখনৰ বাবে তেখেতে সন্মানীত হৈছিল সাহিত্য অকাডেমী বঁটাৰে।

You might also like