🔹 ভিন্ন স্বাদৰ দুখন নাটকৰ সফল মঞ্চায়ন
নিয়মীয়া বার্তা, ২৯ জুলাই : এজাক শিশু-কিশোৰৰ কলৰৱেৰে মুখৰ হ’ল ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুকলি মঞ্চ। সুস্থ নাট্য চিন্তা আৰু অনুশীলনেৰে ঢকুৱাখনা মহকুমাত বলিষ্ঠ নাট্য আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হোৱা ঢকুৱাখনা নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু প্ৰেছ গীল্ড, ঢকুৱাখনাৰ সহযোগত ৫ জুলাইৰ পৰা অনুষ্ঠিত গ্রীষ্মকালীন নাট কৰ্মশালাৰ সফল সামৰণি পৰে। অঞ্চলটোৰ উঠি অহা চামৰ ডেৰ শতাধিক শিশু-কিশোৰক গ্ৰীষ্মবন্ধৰ সময়ত ২৫ দিনীয়াকৈ নাটকৰ আদিপাঠ প্ৰদান কৰি পৰিৱেশন কৰালে দুখনকৈ নাটক৷ বিশিষ্ট নাট্যকৰ্মী দ্বীপজ্যোতি কাকতি, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হেমন্ত ফুকন আৰু পূৰৱী বৰগোহাঁইৰ তত্ত্বাৱধানত নাট আৰু অভিনয় শিক্ষাৰ প্ৰশিক্ষণ লাভৰ অন্তত প্ৰশিক্ষাৰ্থীসকলে ভিন্ন স্বাদৰ দুখনকৈ নাট মঞ্চস্থ কৰি শ শ দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হয়। দুয়োখন নাটকতে শিশু, কিশোৰ-কিশোৰীসকলে দেখুৱাবলৈ সক্ষম হোৱা সাহসী, বুদ্ধিদীপ্ত আৰু সজীৱ নাট্য প্ৰতিভাই ঢকুৱাখনা নাট্য বিদ্যালয়ৰ নাট কৰ্মশালাৰ সার্থকতাক পুনৰ উজ্জ্বল ৰূপত প্ৰতীয়মান কৰি তুলিলে। সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা সামৰণী অনুষ্ঠানটি উদ্বোধন কৰে ছিকিম বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ গৱেষক ছাত্ৰী পৰীস্মিতা ফুকনে। সামৰণী অনুষ্ঠানত প্ৰথমে নিম্ন শাখাৰ প্ৰশিক্ষার্থীসকলে মঞ্চস্থ কৰে গণেশ চমুৱাৰ ”সপোনৰ মৰীচিকা’ শীৰ্ষক নাটখনি। প্ৰেক্ষাগৃহপূৰ্ণ দৰ্শকৰ সন্মুখত চাৰি বছৰৰ পৰা দহ-বাৰ বছৰীয়া এই কণ কণ শিশুসকলৰ যি সাৱলীল অভিনয়, সেয়া সঁচাই প্ৰশংসনীয়৷ সমাজৰ ভৱিষ্যৎ কৰ্ণধাৰস্বৰূপ শিশুসকলক নাট্যকলা সম্পৰ্কে যথাযথভাৱে শিকাই-বুজাই নাটখন সুন্দৰভাৱে মঞ্চায়ন কৰাৰ ক্ষেত্ৰত পৰিচালক ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক পূৰৱী বৰগোহাঁয়ে নিশ্চিতভাৱে সফলতা দাবী কৰিব পাৰে। ইয়াৰ পিছতে উচ্চ শিক্ষাৰ প্ৰশিক্ষাৰ্থীসকলে মঞ্চস্থ কৰে সুকুমাৰ ফুকনৰ “ধানৰ শীহত কাৰ চকুলোৰ ধাৰ” শীৰ্ষক নাটখনি।
এটি সাধাৰণ অথচ অতি স্পৰ্শকাতৰ সাম্প্ৰতিক বিষয়ৰ আধাৰত ৰচিত আৰু বিশিষ্ট নাট্যকৰ্মী দ্বীপজ্যোতি কাকতি আৰু হেমন্ত ফুকনে পৰিচালনা কৰা নাটখনে দৰ্শকক এক ইতিবাচক চিন্তাৰ খোৰাক যোগালে বুলি একাষাৰে ক’ব পাৰি৷ সাম্প্ৰতিক অসমৰ গ্ৰাম্য সহজ-সৰল চহা জীৱনৰ দ্রুত পৰিৱৰ্তনৰ এখন ছবি ৰূপকাত্মকভাৱে নাটখনৰ মাজেৰে অতি নিখুঁতভাৱে তুলি ধৰাৰ প্ৰয়াস কৰিছে নাট্যকাৰ-পৰিচালকে৷ কিদৰে পথাৰখনৰ সৈতে থকা আত্মিক সম্পৰ্কবোৰ নি:শেষ হৈ আহিছে চহা মানুহখিনিৰ, কিদৰে প্ৰকৃতিৰ সৈতে সহবাস কৰি থকা সহজ-সৰল চহা মানুহখিনিৰ মাজত যান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে বিষাক্ত কীট প্ৰৱেশ কৰি সহজ-সৰল মানুহখিনিৰ পৰা প্ৰকৃতিয়ে উদাৰভাৱে দিয়া জীয়াই থকাৰ সম্বল পথাৰবোৰ কাঢ়ি লৈ যোৱা হৈছে, কিদৰে সমাজৰ নিঃকিন দৰিদ্ৰ জনতাই এইবোৰৰ পাকচক্ৰত পণবন্দী হৈ এক কৰুণ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে, সেই নিৰ্মম সত্যই নাটখনৰ কাহিনীৰ মাজেৰে পৰিস্ফুট হৈ পৰিছে৷ ঢকুৱাখনা নাট্য বিদ্যালয়ৰ সচিব গণেশ চমুৱাই আঁত ধৰা সামৰণী অনুষ্ঠানত ঢকুৱাখনা নৰ্মাল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰ, প্ৰেছ গীল্ড, ঢকুৱাখনাৰ সভাপতি তুলন দত্তকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি, অভিভাৱক, নাট্যপ্ৰেমী ৰাইজ উপস্থিত থাকে। গ্ৰীষ্মকালীন বন্ধত এনে কৰ্মশালাৰ জৰিয়তে স্থানীয় কণ কণ শিশু, কিশোৰ-কিশোৰীসকলক আগবঢ়াই নিয়াত ঢকুৱাখনা নাট্য বিদ্যালয়ৰ ভূমিকাক অভিভাৱক, সচেতন ৰাইজ সকলোৱে শলাগ লয়। সামৰণী অনুষ্ঠানতে কৰ্মশালাৰ শিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়।
প্রেৰক পুলকজ্যোতি বৰা