নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ বৰদৈত বালিয়ে পুতিলে বিস্তীর্ণ পথাৰ; খেতিপথাৰলৈ চাই হুমুনিয়াহ কৃষকৰ

নিয়মীয়া বাৰ্তা,৮ ডিচেম্বৰ-পথাৰবোৰ বালিয়ে পুতিলে। সেউজীয়া গছবোৰো শুকাই গৈছে।এসময়ৰ শস্য-শ্যামলা পথাৰবোৰলৈ লাহে লাহে আহিছে মৰুভূমি।যেনিয়ে চোৱা যায় কেৱল বালি আৰু বালি।মৰুভূমি সদৃশ ভয়ংকৰ পৰিৱেশ।বানৰ পাচত এইবাৰ বানৰ পৰৱৰ্তী পৰিস্থিতিয়ে জুৰুলা কৰিছে ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ অধীনস্থ বৰদৈ পঞ্চায়তৰ
কেইবা সহস্ৰাধিক কৃষকক ৷দুমাহ পূৰ্বে জীয়াঢল আৰু কুমতীয়া
নৈৰ বাঢ়নী পানীয়ে বৰদৈ পঞ্চায়তৰ বৰদৈ,নপাম কৈৱত্ৰ, গেৰেকী আদি গাঁৱৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি প্লাৱিত কৰি পেলাইছিল।বলিয়া বানৰ পিছত বহু হেজাৰ বিঘা উৰ্বৰা মাটিৰ খেতি নষ্ট হোৱাৰ উপৰিও বিস্তীর্ণ পথাৰসমূহ বালিৰ ১০-১২ ফুট পৰ্যন্ত তৰপ পৰিছিল।হঠাতে অহা পানীৰ ঢলে চকুৰ পচাৰতে অঞ্চলটোৰ প্ৰায় দুই-তিনি হেজাৰ কৃষকৰ সপোন তচনচ কৰি পেলাইছিল।ফলত অঞ্চলটোৰ বহু কৃষকে এতিয়াও কৃষিকাৰ্যত ব্ৰতী হ’ব পৰা নাই।ৰাইজৰ মাজত এতিয়া কেৱল হা-হুমুনিয়াহ৷হাজাৰ হাজাৰ কৃষিভূমি সম্প্ৰতি পুতি পেলাইছে বালিৰ তৰপে ৷ উৰ্বৰ কৃষিভূমি
বালিয়ে পুতি পেলোৱাত ছন পৰি ৰৈছে বিস্তৰ কৃষিভূমি।দুখীয়া কৃষকে নিজৰ কৃষিভূমি কৃষিৰ অনুপযোগী হৈ পৰাত সম্প্ৰতি মূৰে -কপালে হাত দিছে।হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চহা কৃষকৰ মাজত ৷বৃহত্তৰ অঞ্চলটোৰ একাংশ ৰাইজৰ এতিয়া নিজৰ বুলিবলৈ একোৱেই নাই৷ পাণ-তামোলৰ বাৰীখনৰ পৰা পুখুৰীটোলৈ সকলোতে এতিয়া কেৱল নদীৰ বালি৷বালিৰ বুকুত হেৰাই গ’ল শইচেৰে ভৰা সপোনৰ পথাৰখন৷ সর্বস্ব হেৰুৱাই এই কৃষকসকলে এতিয়া দিক-বিদিক হেৰুৱাই পেলাইছে৷ পেটৰ তাৰণাত দিন হাজিৰা কৰিবলৈ বাধ্য হৈছে খেতিয়কসকল । এসাজ খাই এসাজ লঘোনে থাকি কোনোমতে জীয়াই আছে দুৰ্ভগীয়া কৃষকসকল ।বানবিধস্ত অঞ্চলটোৰ বালিয়ে পুতি পেলোৱা কৃষিভূমি প্ৰত্যক্ষ কৰি চকুলো টোকা এইসকল কৃষকৰ দুৰ্দশাই কৃষকসকলৰ মৰ্মবেদনা প্ৰকট কৰি তুলিছে।বালিয়ে পুতি পেলোৱা কৃষিভূমিত খেতি কৰিব নোৱাৰি বহু কৃষক আজি সৰ্বস্বান্ত হৈ পৰিছে।অঞ্চলটোৰ অসহায় কৃষকসকলে এতিয়া অন্ধকাৰ ভৱিষ্যত লৈ অনিশ্চয়তাৰ মাজেৰে দিন অতিবাহিত কৰিছে যদিও কৃষি বিভাগে বৰ্তমানলৈকে ক্ষয়ক্ষতিৰ কোনো জৰীপ পৰ্যন্ত চলোৱা নাই । তদুপৰি দুৰ্ভগীয়া কৃষকক সকাহ দিবলৈ চৰকাৰীভাৱে আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা ন’হল।

প্ৰতিবেদন ॥ পুলকজ্যোতি বৰা,ঢকুৱাখনা

You might also like