নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙক চিআৰপিএফৰ নিৰাপত্তা বেষ্টনী

ডিজিটেল ডেস্ক, ২৬ এপ্ৰিল : বিজেপিত যোগদান কৰাৰ পিছতে শনিবাৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙৰ বাসভৱনৰ বাহিৰত আম আদমী পাৰ্টীৰ একাংশ কৰ্মী-সমৰ্থকে বিক্ষোভ প্ৰদৰ্শন কৰে। সেই ঘটনাৰ ২৪ ঘণ্টা নৌহওঁতেই এইবাৰ কেন্দ্ৰীয় চৰকাৰে হৰভজনক সুৰক্ষা প্ৰদান কৰিছে। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙৰ সুৰক্ষাৰ বাবে এতিয়া নিয়োজিত থাকিব চি আৰ পি এফ জোৱান।

ইতিপূৰ্বে হৰভজনৰ সুৰক্ষাৰ দায়িত্বত আছিল পঞ্জাব আৰক্ষীৰ কৰ্মী আৰু বিষয়া। কিন্তু আপ ত্যাগ কৰি বিজেপিত যোগ দিয়াৰ পিছত শনিবাৰে তেওঁৰ সুৰক্ষাকৰ্মী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় পঞ্জাব চৰকাৰে। ঘটনাক্ৰমে একেদিনাই জলন্ধৰত তেওঁৰ বাসভৱনৰ বাহিৰত আপৰ কৰ্মী-সমৰ্থকে বিক্ষোভ প্ৰদৰ্শন কৰে। কেৱল সেইটোৱেই নহয়, হৰভজনৰ ঘৰ বাহিৰৰ দেৱালত ‘গদ্দাৰ’ বুলিও লিখা হয়।

এই ঘটনাৰ পিছতে দেওবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰাক্তন ক্ৰিকেটাৰজনক সুৰক্ষা প্ৰদান কৰে। সূত্ৰ অনুসৰি, দিল্লী আৰু পঞ্জাবত তেওঁৰ সুৰক্ষাৰ বাবে এতিয়াৰে পৰা চিআৰপিএফ জোৱান নিয়োজিত থাকিব।

You might also like